• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আবেগ পৰিহাৰ কৰি বাস্তৱমুখী অগপ সভাপতি অতুল বৰা!

আৱেগিকভাৱে জনসাধাৰণে অসম আন্দোলনত অংশ লৈছিল : অতুল বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2019 8:07 pm
Minister Atul Bora on unnatural death of pig in Assam

অতুল বৰা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আবেগ পৰিহাৰ কৰি বাস্তৱমুখী হৈছে অগপ সভাপতি অতুল বৰা। অসম আন্দোলনৰ সময়ত সক্ৰিয় ভূমিকা লোৱা অগপ সভাপতি অতুল বৰাই সেই সময়ৰ নেতৃত্বৰ কথা মতে আৱেগিকভাৱে অসম আন্দোলনত অংশগ্ৰহণ কৰা বুলি সদৰী কৰে।

অসম আন্দোলনৰ সময়ত আন্দোলনৰ নেতৃত্বই কৈছিল অসমত ৩০ লাখ-৪০ লাখ বাংলাদেশী আছিল। সেয়েহে সকলো ধৰ্ম-শ্ৰেণীৰ জনসাধাৰণে আৱেগিকভাৱে আন্দোলনত অংশ লৈছিল।‘ অগপৰ নতুন ছাত্ৰ সংগঠনৰ জন্মৰ সময়ত সংবাদমাধ্যমৰ আগত এইদৰে কয় অতুল বৰাই।

ইপিনে, সদ্য প্ৰকাশিত এনআৰচিক লৈ বিজেপিৰ সুৰতে সুৰ মিলাই বৰাই কয়, ‘সুদীৰ্ঘ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যিখন এনআৰচি প্ৰকাশ হৈ ওলাল, তাত যিমানসংখ্যক লোকৰ নাম বাদ পৰিল, এইটোৱে মানুহৰ মনত সন্দেহৰ সৃষ্টি কৰিছে।‘

বৰাৰ প্ৰশ্ন ‘ক’ত গ’ল অসম আন্দোলনৰ সময়ৰ লাখ লাখ বিদেশী? সেই সময়তে যদি ৪০-৫০ লাখ বিদেশী আছিল, তেন্তে এতিয়া সেই বিদেশীসমূহ ক’ত গ’ল?’

‘এনআৰচিক লৈ সুখী নহয়, এই কথা পূৰ্বেও কৈছো। এখন শুদ্ধ এনআৰচি হোৱা নাই।‘ বৰাই এইদৰে কয়।

ইপিনে, সমগ্ৰ দেশৰ সমান্তৰালকৈ অসমতো ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ এনআৰচিৰ কাম-কাজ হ’ব বুলি অমিত শ্বাহে ঘোষণা কৰাৰ পাছতে আছুকে ধৰি অন্যান্য দল-সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে। তেনে সময়তে ইয়াক লৈ অতুল বৰাই কৌশলগত স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

‘৫১ চন হ’ব লাগে বুলি আজি মই নকওঁ, সেই কথা দলৰ মজিয়াত আলোচনা কৰা নাই। নতুনকৈ একো ভবা নাই, কিয়নো এনেকুৱা কৰিলে অসম চুক্তি ভংগ হ’ব।‘ বৰাই কয়।

উল্লেখযোগ্য যে, বিগত লোকসভা অধিৱেশনত কেব গৃহীত কৰাৰ পূৰ্বে অগপই বিজেপিৰে পুনৰ মিত্ৰতা ছেদ কৰি অসমৰ ৰাইজৰ সমৰ্থন ল’বলৈ সক্ষম হৈছিল। তাৰ পাছতে ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰে পুনৰ মিত্ৰতা কৰি কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল অগপৰ তিনি মন্ত্ৰী। বিজেপিৰে পুনৰ মিত্ৰতা কৰাৰ সময়ত কেব নাহিব বুলি বিজেপিয়ে কোৱা নাছিল বুলি উল্লেখ কৰে অতুল বৰাই।

‘লোকসভাত উত্থাপন কৰাৰ আগতেই আমি বিজেপিৰ পৰা আঁতৰি আহিছিলো। তাৰ পাছত ৰাজ্য সভাত উত্থাপন নকৰিলে। তাৰ পাছত লোকসভা নিৰ্বাচনৰ সময়ত আমি আলাপ আলোচনাৰ মাজেৰে বিজেপিৰ সৈতে একত্ৰিত হৈ মন্ত্ৰিত্ব লৈছিলো। তেতিয়া তেওঁলোকে কেব নাহিব বুলি কোৱা নাছিল। কেব অসমক লৈ নহয়, সমগ্ৰ দেশৰ কাৰণে কৰিব লাগিব বুলি তেওঁলোকে কৈছিল।‘ বৰাই এইদৰে কয়।

ইপিনে, কেব আহিলে সংশোধিত ৰূপত আহিব আৰু অগপ নেতৃত্বৰে আলাপ আলোচনা কৰিব বুলি আশ্বাস দিছিল যদিও বৰ্তমানলৈকে কোনো আলোচনা কৰা নাই বুলি বৰাই জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd