বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ ভূমিকাত অৱতীৰ্ণ অগপৰ সভাপতি অতুল বৰা!

সংবাদমেলৰ প্ৰশ্নোত্তৰৰো 'ছিণ্ডিকেট' মন্ত্ৰী হিমন্তৰ; প্ৰশ্নৰ উত্তৰ দিয়াত অগপৰ মন্ত্ৰী অতুল বৰাক বাধা

AGP-BJP join press meet

বিজেপিৰ কাৰ্য্যালয়ত অগপ-বিজেপিৰ সংবাদমেলৰ দৃশ্য। ১৫ মাৰ্চত। ফটো : য়ু বি।

পুনৰ মিলনৰ মাজেৰে লাভ কৰা ‘মিত্ৰ’ বিজেপিৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি পুৱাই বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত উপস্থিত হৈ যৌথ সংবাদমেল সম্বোধন কৰা অগপৰ সভাপতি অতুল বৰাই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। এজন বিজেপিৰ মুখপাত্ৰৰ দৰেই আছিল অতুল বৰাৰ আজিৰ ভূমিকা।  তেওঁ বিজেপি দলৰ মজিয়াৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।

‘’অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলক মই বিনয়েৰে আহ্বান জনাইছো, কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থত ভোটখিনি যাতে ঠিক মতে ট্ৰেন্সফাৰ হয় তথা ৰাইজৰ বৃহত্তৰ স্বাৰ্থত  আমাৰ কৰ্মীসকলে সৰ্বতোপ্ৰকাৰে চেষ্টা অৱ্যাহত ৰাখক‘’, বিজেপিক জয়যুক্ত কৰাৰ বাবে অগপৰ কৰ্মীসকলক সংবাদমেলত আহ্বান অতুল বৰাৰ।

ইপিনে কিছুদিন পূৰ্বে জাতিধ্বংসী বিধেয়কক কেন্দ্ৰ কৰি সমালোচনাৰে থকা-সৰকা কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হয় মন্ত্ৰীগৰাকী।

মোদীক প্ৰশংসাবাণীৰে উপচাই তেওঁ কয়, ‘’২০১৪ চনত মোদী প্ৰধান মন্ত্ৰী শাসনলৈ অহাৰ পাছত দেশলৈ বহু ক্ষেত্ৰতে বিকাশ আহিছে। মনমোহন সিঙক আমাৰ ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰাৰ বাবে সুবিধা দিছিল। কিন্তু ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে সিঙে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰিলে। উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে আমি আকৌ এবাৰ প্ৰধান মন্ত্ৰীহিচাপে নৰেন্দ্ৰ মোদীক চাব বিচাৰো।‘’

বৰাই কংগ্ৰেছক সমালোচনা কৰি কয়, ‘’২০০১ চনৰ পৰা ৰাজ্যখনত ধাৰাবাহিকভাৱে কংগ্ৰেছৰ শাসন আছিল। সেই সময়ছোৱাত অসমত যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ সংঘটিত হৈছিল, অসমৰ জনসাধাৰণে কংগ্ৰেছৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছিল। কংগ্ৰেছৰ অপশাসন দূৰ পেলোৱাৰ বাবে অগপ-বিজেপি ৰামধেনু সদৃশ মিত্ৰতাত অৱতীৰ্ণ হৈছিলো।‘’

বৰাই আৰু কয়, ‘’আমি মূল শত্ৰুক চিনাক্ত কৰি উলিয়াইছো। আমাৰ দৃঢ় বিশ্বাস আমি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিখন আসনত জয়ী হ’বলৈ সক্ষম হ’ম।‘’

আজি বিজেপিৰ কাৰ্য্যালয়লৈ অহা প্ৰসংগত অগপৰ সভাপতিগৰাকীয়ে কয়, ’’বিজেপিয়ে আমাক তেওঁলোকৰ কাৰ্য্যালয়লৈ আমন্ত্ৰণ জনোৱাত আমি অতিকে আনন্দিত। কালি বিজেপিৰ ৰাজ্যিক নেতৃত্ব অগপ কাৰ্য্যালয়ত উপস্থিত হোৱাৰ পাছত অগপৰ তৃণমূল কৰ্মীসকলো অতিকৈ আনন্দিত বুলি জানিব পৰা গৈছে।‘’

তাৎপয্যপূৰ্ণভাৱে, অগপৰ মন্ত্ৰীজনক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়াত সংবাদমেলতে বাধা আৰোপ কৰে বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এগৰাকী সাংবাদিকে সংবাদমেলত অতুল বৰাক উদ্দেশ্যি মিত্ৰতাৰ সন্দৰ্ভত এক প্ৰশ্ন কৰিছিল আৰু প্ৰশ্নটো আছিল অতি গুৰুত্বপূৰ্ণ।

সাংবাদিকজনৰ প্ৰশ্ন, ‘’কালি আপোনালোকৰ দলৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰে মিত্ৰতা অগপৰ কেইজনমান নেতাৰ ব্যক্তিগত সিদ্ধান্ত বুলি অভিযোগ তুলিছিল। এইক্ষেত্ৰত আপুনি…’’

কিন্তু সাংবাদিকজনক আধাতে উভতি ধৰি হিমন্তই মাইক্ৰ’ফ’নটো কাঢ়ি লৈ কয়, ‘’আপুনি এটা কাম কৰক না, অগপ আৰু বিজেপিৰ দলৰ মাজৰ কথা তেওঁলোকৰ নিজৰ দলৰ সংবাদমেলত সুধি লওক। প্ৰফুল্ল কুমাৰ মহন্তৰ বিষয়ে ইয়াত আলাপ-আলোচনা কৰাটো উচিত নহয় বা আমাৰ দলৰ কোনো নেতাৰ কথা বেলেগৰ দলৰ মজিয়াত আলোচনা কৰাটো উচিত নহয়।‘’

এইদৰে সংবাদমেলত সাংবাদিকৰ প্ৰশ্নোত্তৰৰো ছিণ্ডিকেট কৰাৰ উপৰি মন্ত্ৰী হিমন্তই অগপৰ নেতাজনৰ ব্যক্তিগত স্বাধীনতাও খৰ্ব কৰে।