বিজেপিৰ বক্ষত নিৰাপত্তা অনুভৱ নকৰে খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে : অতুল বৰা

03-12-18 Sarupathar- Atul Bora AGP panchayat election campaign (2)

সৰুপথাৰত নিৰ্বাচনী প্ৰচাৰত সোমবাৰে অগপ সভাপতি অতুল বৰা। ফটো : ইউ বি

‘’বিজেপি দলে অগপক কৰা আক্ৰমণ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত কৰা আক্ৰমণ। বিজেপিৰ বক্ষত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে নিৰাপত্তা অনুভৱ নকৰে।‘’-এই মন্তব্য অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ।

কালি সামৰণি পৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ অগপ সভাপতিগৰাকীয়ে সৰুপথাৰত এই মন্তব্য কৰে। তেওঁ কয় যে ‘’বিজেপিৰ বক্ষত হিন্দু বাংলাদেশীয়ে নিৰাপত্তা অনুভৱ কৰে।‘’

মন্ত্ৰী বৰাই তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে যে গণতান্ত্ৰিক প্ৰতিবাদক চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবেই একাংশ যুৱক সশস্ত্ৰ পন্থালৈ যোৱাটো স্বাভাৱিক। ইয়াতেই তেওঁ লগতে কয় যে মিত্ৰতা ভংগ কৰাটো মাত্ৰ এক ছেকেণ্ডৰ কাম।

উল্লেখযোগ্য যে সোমবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ সময়লৈকে বিভিন্ন ৰাজনৈতিক দলে চলোৱা প্ৰচাৰত ইটোৱে সিটোৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰা দেখা যায়।

এতিয়ালৈকে নিৰ্বাচনী প্ৰচাৰৰ আটাইতকৈ লক্ষ্যণীয় দিশটো হৈছে এই নিৰ্বাচনী প্ৰচাৰত চৰকাৰখনৰ মিত্ৰজোঁট অগপ-বিজেপিৰ মাজত হোৱা বোকা ছটিওৱাৰ যুঁজখন। ক’বলৈ গ’লে এই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ আক্ৰমণৰ প্ৰধান লক্ষ্য হৈ পৰা অগপ দলে নিজৰ অস্তিত্বৰ সন্ধান কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গুৰি ধৰোতা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অগপৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছে অগপৰ নেতাসকলে তাৰ প্ৰত্যুত্তৰ দি নিৰ্বাচনী প্ৰচাৰক আঞ্চলিকতাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদৰ মাজত এখন অঘোষিত প্ৰচাৰ যুঁজলৈ ৰূপান্তৰিত কৰিলে।