প্ৰতিবাদৰ বিষয় একেই : একেটা তাৰিখতে পৰিল ৪২টা সংগঠনৰ অসম বন্ধ আৰু অগপৰ বৃহৎ প্ৰতিবাদী সমদল

গুৱাহাটীৰ চানমাৰিস্থিত হোটেল অলংকাৰত সংবাদমেলত ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ।

৪২টা সংগঠনৰ অসম বন্ধৰ সৈতে একেটা তাৰিখতে পৰিল অগপৰ বৃহৎ প্ৰতিবাদী সমদলৰ কাৰ্য্যসূচী। ফলত বিমোৰত পৰিছে কাৰ্য্যসূচী লওঁতা দল আৰু সংগঠনকেইটা।

এই সন্দৰ্ভত আজি অসম বন্ধৰ সিদ্ধান্ত গ্ৰহণৰ অন্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক সোধাত তেওঁ কয়, “প্ৰতিবাদী কাৰ্য্যসূচীৰ ক্ষেত্ৰত ৰেহাই দিব লাগে বুলি ইতিমধ্যে অগপৰ সভাপতি অতুল বৰাই ফোন কৰিছে। কিন্তু লিখিতভাৱে আমি একো পোৱা নাই। এই সন্দৰ্ভত এতিয়া কোনো সিদ্ধান্ত লোৱা নাই। পৰৱৰ্তী সময়ত এই সম্পৰ্কত দলীয় নেতৃবৃন্দই আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম।”

আনহাতে, এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত কমলপুৰ সমষ্টিৰ অগপ বিধায়ক সত্যব্ৰত কলিতাই কয়, “যিহেতু একেই ইচ্ছ্যুতেই প্ৰতিবাদ হৈছে, তেওঁলোকে আমাৰ গাড়ীখিনি আহিবলৈ দিব। বন্ধ থাকিব ভালহে হ’ব, কাৰণ এটা প্ৰতিবাদ হ’ব।”

“গাড়ীখিনি আহিবলৈ দিয়াত তেওঁলোকৰ কোনো আপত্তি নাথাকিব বুলি মই ভাবো। যিহেতু ধৰ্ণা কাৰ্য্যসূচী সেয়েহে এইক্ষেত্ৰত ৰেহাই দিব।” নৰ্থ ইষ্ট নাওৰ আগত এইদৰে আশা প্ৰকাশ কৰে অগপ বিধায়ক সত্যব্ৰত কলিতাই।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কৃষক মুক্তি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি মুঠ ৪২টা সংগঠনে ২৩ অক্তবোৰৰ দিটোত ১২ ঘণ্টীয়া অসম বন্ধ দিছে।

আনহাতে একেই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজ্যৰ বিজেপি চৰকাৰখনৰ অংশীদাৰ দল অগপই বৃহৎ প্ৰতিবাদী সমদলৰ কাৰ্য্যসূচী লৈছে।

একেটা বিষয়তে প্ৰতিবাদৰ কাৰ্য্যসূচী হ’লেও অসম বন্ধ হ’লে কেনেদৰে সমাৱেশস্থলীত প্ৰতিবাদকাৰীসকল অংশগ্ৰহণৰ বাবে আহিব তাক লৈ প্ৰশ্ন উঠিছে।