• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সভ্যতাৰ যুঁজ’ত ইতিহাস হৈ পৰিব নেকি অসম গণ পৰিষদ? কি হ’ব ‘পৰজীৱি’ নেতাৰ?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
March 25, 2021 7:08 pm
BJP-AGP-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আন্দোলনৰ জৰিয়তে ইতিহাস সৃষ্টিকাৰী পটভূমিৰে জন্মলাভ কৰা অসম গণ পৰিষদ নিজেই এতিয়া ইতিহাস হৈ যাবলৈ ওলাইছে নেকি?

অসমৰ জাতীয়তাবাদী আঞ্চলিক শক্তিক প্ৰতিনিধিত্ব কৰা দলটোক লৈ ইতিমধ্যে যেন স্বপ্নভংগ ঘটিছে অসমৰ জনসাধাৰণৰ।

অসম গণ পৰিষদৰ বোকোচাত উঠিয়েই বিজেপিয়ে অসমত ক্ষমতা দখল কৰিলে। আৰু সেই অসম গণ পৰিষদ দলে এতিয়া নিজ দলৰ বাবে নিৰ্বাচনত প্ৰাৰ্থিত্ব দিবলৈকো বিজেপিৰ মুখলৈ চাবলগীয়া হৈছে।

অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতিনিধিত্বকাৰী দলটো দিল্লীৰ বহতীয়া হোৱাৰ এই সন্ধিক্ষণত অসমৰ জনসাধাৰণে সঁচাকৈয়ে বিশ্বাসঘাতকতাৰ দৃষ্টান্ত দেখি নিজকে ধিক্কাৰ দিবলৈ লৈছে।

অসমীয়াৰ বিড়ম্বনা এইয়ে যে নিজৰ জাতীয়তাবাদী নেতাসকলে (তথাকথিত) নিজৰ স্বাভিমান ত্যাগ কৰি ৰাষ্ট্ৰীয়তাবাদৰ নামাৱলী পিন্ধিছে।

কিন্তু কিয় ধৰি ৰাখিব নোৱাৰিলে অসমীয়াৰ আৱেগ-অনুভুতিৰ মৰ্যাদা?

ক্ষমতাৰ খকত কিয় বিসৰ্জন দিবলগীয়া হ’ল জাতিৰ স্বাৰ্থ?

এটা এটাকৈ দলৰ পৰা নিষ্ঠাৱান নেতা-কৰ্মীসকল ওলাই যোৱাৰ পাছতো ক্ষমতাৰ চকী খামুচি ধৰি থকা নেতা কেইগৰাকীয়ে দৰাচলতে কাৰ শ্ৰুতলিপিত কাম কৰিছে সেয়া ৰাইজে উপলব্ধি কৰিব পাৰিছে।

বিজেপিয়ে ভালদৰেই জানে যে অগপৰ ‘সৰ্বনাশ’য়েই বিজেপিৰ উত্থানৰ পথ প্ৰশস্ত কৰিব। সেয়ে, অগপৰ ক্ষমতালিপ্সু নেতাকেইগৰাকীক লৈ বিজেপিয়ে আৰম্ভ কৰিলে ক্ষমতা প্ৰাপ্তিৰ কৌশল। সফলো হ’ল বহুখিনি।

ৰাজ্যত চৰকাৰ গঠন কৰাৰ পাছৰে পৰা অগপক ‘লেমটৌ’ কৰি লৈ আগবাঢ়িল বিজেপি। লাহে লাহে অগপত ভাঙোনৰ জালো পেলালে। ‘বিবাহ ভৱন’ নহ’লেও অগপৰ কাৰ্যালয়ত এতিয়া পৰ দি থকা কেইগৰাকীমানৰ বাহিৰে নেতা-কৰ্মী বুলিবলৈকে নাই।

বিজেপিয়ে নিজৰ ইচ্ছামতে এটাৰ পাছত আন এটা ৰণনীতি তৈয়াৰ কৰি আগবাঢ়িছে। ইপিনে মিত্ৰতাৰ ‘নাগপাশ’ত বান্ধ খাই পৰা অগপই মুক দৰ্শক হৈ কেবল চাই ৰৈছে।

বিজেপিয়ে চলোৱা প্ৰচাৰ অভিযানৰ ধুমুহাত অগপক বিচাৰি পোৱাই কঠিন হৈ পৰিছে। নিৰ্বাচনী ৰাজনীতিত একেবাৰে ‘পৰজীৱি’ লতাৰ দৰে হৈ পৰিছে আঞ্চলিক দলটো।

নিৰ্বাচনী ইস্তাহাৰখনো নুলিয়ালেই নহয় কাৰণেহে যেন উলিয়াইছে অগপই। অসমীয়া জাতিৰ স্বাৰ্থত ক’বলৈ বুলি এতিয়া অগপৰ হাতত যেন কোনো বিষয়েই নাই। আঞ্চলিক জাতীয়তাবাদী দলটোৱে আনকি নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টোও উল্লেখ কৰাৰ সাহস গোটাব নোৱাৰিলে।

বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদৰ আগত নিজৰ ক্ষুদ্ৰ জাতি সত্ত্বাৰ স্বাৰ্থ সমুলঞ্চে ত্যাগ কৰি অসমীয়া জাতিৰ বিশ্বাসঘাতক দললৈ পৰিণত হৈছে অগপ!

‘জয় আই অসম’ কবলৈকো টান পোৱা অগপৰ নেতাকেইজনে এনেদৰে হয়তো এদিন নিজৰ অস্তিত্বৰ বাবেও যুঁজ দিবলগীয়া হ’ব।

বিজেপিয়ে ‘সভ্যতাৰ যুঁজ’ আৰম্ভ কৰিছে। এই সভ্যতাৰ যুঁজ আচলতে অসমৰ সভ্যতা ধ্বংস কৰি ‘দেচোৱালি’ সভ্যতা স্থাপনৰ যুঁজ। ইয়াত জাতীয় ভাৱাবেগ বা স্বাভিমান, জাতি-মাটি-ভেটি-ৰক্ষাৰ স্থান নাই। আছে মাথোঁ কৃত্ৰিম শ্ল’গানৰ জৰিয়তে অসমীয়াৰ আৱেগ জয় কৰাৰ কৌশল।

এনেকৈয়ে এদিন বিজেপিৰ ‘সভ্যতাৰ যুঁজ’ত ইতিহাসত পৰিণত হ’বগৈ অসম গণ পৰিষদ নামৰ দলটো। সেই ইতিহাসৰ সাক্ষী হ’বলৈ অসমীয়াৰ দুৰ্ভাগ্য সন্নিকট।

Tags: Assam Election
ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

August 24, 2025 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd