NORTHEAST NOW (Assamese)

অগপ অটল আছে স্থিতিত; বিৰোধীৰ আসন বিচাৰি অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ আঞ্চলিক দলটোৰ

January 21, 2019 10:40 pm · অনিৰ্বাণ পাঠক
ফাইল ফটো।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মিত্ৰতা ত্যাগ কৰা অগপই চৰকাৰখন গঠন হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে বিৰোধীৰ আসনত বহিব। বিজেপিৰে মিত্ৰতাৰ সূত্ৰে সৌ সিদিনালৈকে শাসকীয়ৰ আসনত থকা আঞ্চলিক দলটোৱে অহা 28 জানুৱাৰিৰ পৰা হ’ব লগীয়া বাজেট অধিৱেশনত বিৰোধীৰ আসন বিচাৰি আজি বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে।

দলটোৰ সূত্ৰই জনোৱামতে, মন্ত্ৰীপদ ত্যাগ কৰা তিনিজন মন্ত্ৰীৰ পদত্যাগ পত্ৰ এতিয়াও গৃহীত হোৱা নাই যদিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত দলটোৰ স্থিতি একে আছে আৰু সেয়ে দলটোৱে বিৰোধীৰ ভূমিকা পালন কৰি যাব।

উল্লেখযোগ্য যে যোৱা ৭ জানুৱাৰিত কেন্দ্ৰীয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ত অনুমোদন জনোৱাৰ পিছতে দলটোৱে পূৰ্বৰ কথামতেই বিজেপিৰ সৈতে থকা আঢ়ৈ বছৰীয়া মিত্ৰতা ছেদ কৰিছিল।

মিত্ৰতা ছেদ কৰাৰ পিছতে দলটোৰ তিনিওজন মন্ত্ৰীয়ে পদত্যাগ কৰি পত্ৰ দিয়ে যদিও আজিও সেই পদত্যাগ পত্ৰ মুখ্য মন্ত্ৰীয়ে ৰাজভৱনলৈ প্ৰেৰণ নকৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছিল। ইয়াৰ আলমত আঞ্চলিক দলটোৱে পুনৰ মিত্ৰতা ছেদৰ সিদ্ধান্ত সলনি কৰিব নেকি বুলি জল্পনা-কল্পনা চলি থকাৰ মাজতে আজি বিৰোধীৰ আসন বিচাৰি আৱেদন জনোৱাটোৱে দলটোৰ স্থিতিৰ এটা স্পষ্টতা দিলে।

Related News