জনমতক আওকান কৰি বিধেয়ক গৃহীত হ’লে সৃষ্টি হ’ব ভয়াৱহ পৰিস্থিতি : ৰমেন্দ্ৰ নাৰায়ণ কলিতা

‘জনমতক আওকান কৰি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ ওলাইছে। এই জাতিধ্বংসী বিলখন যদি কেন্দ্ৰীয় চৰকাৰে বাতিল নকৰে তেনেহলে ইয়াতকৈ অধিক ভয়ংকৰ অৱস্থা অসমত সৃষ্টি হব।’ সোণোৱাল চৰকাৰৰ প্ৰতি এই সকিয়নী পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।

অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ৰ পৰা জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈকে উলিওৱা উক্ত সমদলত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মনোজ শইকীয়াৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে।

ৰাজ্যত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰেই সম্পূৰ্ণভাৱে দায়ী হ’ব বুলি উল্লেখ কৰি কলিতাই কয়, ‘এজন মুখ্য মন্ত্ৰী হিচাপে জাতি আৰু খিলঞ্জীয়া মানুহৰ স্বাৰ্থত সোণোৱালে যি বলিষ্ঠ পদক্ষেপ লব লাগিছিল তেওঁ তেনেধৰণৰ একো পদক্ষেপ লব পৰা নাই।’

তেওঁ খিলঞ্জীয়াৰ জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিবলৈ সোণোৱালক আহ্বান জনাই কয় যে এই বিলখন বাতিল কৰিব পাৰিলে তেওঁ অসমীয়া জাতিৰ ‘মহানায়ক’ পৰিণত হ’ব।

আনহাতে আজিৰ এই প্ৰতিবাদী সমদলত অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বিলখন গৃহীত হ’লে অসমীয়াৰ ভাষা কলা কৃষ্টি বিপদাপন্ন হ’ব বুলি মন্তব্য কৰি কয় যে যিকোনো মূল্যৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰে বিলখন বাতিল কৰিব লাগিব।