যোগদান নকৰোতেই ‘অগপৰ প্ৰাৰ্থী’ বুলি অডিঅ’ ক্লিপেৰে ব্যাপক প্ৰচাৰ মণিমাধৱ মহন্তৰ

‘’কলিয়াবৰত তৰুণ গগৈৰ পৰিয়াল vs মহন্তৰ পৰিয়াল‘’, ক্ষুব্ধ বিজেপিৰ কৰ্মীৰ ফেইচবুকত কটাক্ষ

ManiMadhab Mahanta

এখন সভাত মণিমাধৱ মহন্তক ভাষণ দি থকা দেখা গৈছে। ফাইল ফটো।

যোৱা ১৪ মাৰ্চৰ দিনা সক্ৰিয় ৰাজনীতিত নমাৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছিল মন্ত্ৰী কেশৱ মহন্তৰ ভায়েক মণিমাধৱ মহন্তই। কিন্তু তেওঁ বৰ্তমানলৈকে কোনো ৰাজনৈতিক দলতে  আনুষ্ঠানিকভাৱে যোগদান কৰা নাই।

বৰঞ্চ ১৮ মাৰ্চৰ দিনা তেওঁ নিজে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত প্ৰাক্তন আছু সতীৰ্থক কাষত বহুৱাই সংবাদমেল সম্বোধন কৰি কাইলৈ অৰ্থ্যাৎ ২০ মাৰ্চৰ দিনা অসম গণ পৰিষদত যোগদান কৰাৰ কথা ছ’চিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, দলটোত যোগদান কৰাৰ পূৰ্বেই ১৮ মাৰ্চত এৰি দিয়া এটা অডিঅ’ ক্লিপত অগপৰ প্ৰাৰ্থী হিচাপে মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। আছু কৰ্মীৰ লগতে অগপৰ কৰ্মীৰ দ্বাৰাই এই অডিঅ’ ক্লিপটোক ভোটাৰৰ মাজলৈ আৰু ছ’চিয়েল মিডিয়াত forward কৰি থকা দেখা গৈছে।

মন কৰিবলগীয়া যে, বৰ্তমানলৈকে আঞ্চলিক দলটোৱে লোকসভা নিৰ্বাচনত বিজেপিয়ে এৰি দিয়া তিনিটা সমষ্টি ক্ৰমে- বৰপেটা, কলিয়াবৰ আৰু ধুবুৰীৰ প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। এক বিশেষ সূত্ৰৰ পৰা খবৰ অনুসৰি মণিমাধৱ মহন্তৰ প্ৰাৰ্থিত্বত হেঙাৰ হৈছে আৰ এছ এছ। আৰ এছ এছৰ মতে মণিমাধৱ চিনাকি মুখ নহয় আৰু অভিজ্ঞতা নাই। গতিকে এজন অভিজ্ঞ ব্যক্তিক সমষ্টিটোৰ প্ৰাৰ্থিত্ব দিব লাগে। অৱশ্যে কেশৱ মহন্ত কলিয়াবৰৰ প্ৰাৰ্থী হোৱাত আৰ এছ এছৰ আপত্তি নাই বুলি জানিব পৰা গৈছে।

তেনে পৰিপ্ৰেক্ষিতত দলে ঘোষণা নকৰাকৈ প্ৰাৰ্থী বুলি প্ৰচাৰ চলোৱা কাণ্ডই চকু কপালত তুলিছে কলিয়াবৰ সমষ্টিৰ ৰাইজৰ। ইপিনে, বিজেপিয়ে বিগত বিধানসভা নিৰ্বাচনত ব্যৱহাৰ কৰা ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ শ্ল’গানকে ব্যৱহাৰ কৰা হৈছে অডিঅ’টোত। অগপৰ প্ৰাৰ্থীয়ে নিজৰ শ্ল’গান এৰি বিজেপিৰ শ্ল’গান ধৰাটোৱেও আমোদৰ খোৰাক যোগাইছে।

‘’এইবাৰো আছে আৱেগ, যুক্তিৰ সৈতে। জাতি-মাটি-ভেটি লৈ আৱেগ যুক্তিৰ সৈতে। সত্ৰ, কাজিৰঙাক লৈ আমাৰ আৱেগ যুক্তিৰ সৈতে। ব্ৰহ্মপুত্ৰক লৈয়ো আৱেগ যুক্তিৰ সৈতে। ভূপেনদাক লৈ আমাৰ আৱেগ যুক্তিৰ সৈতে। আৱেগ হৈ  পৰিছে যুক্তিৰে যুক্ত। মণিমাধৱ মহন্তৰ নেতৃত্বত অগপও অবিৰত। যুক্তিৰে জিনিম বিশ্ব আৰু জিলিকাম লুইতৰে পাৰ। কলিয়াবৰত এইবাৰ মণিমাধৱ মহন্তৰ হুংকাৰ।‘ ৩২ চেকেণ্ডৰ উক্ত অডিঅ’ ক্লিপত এইদৰে কোৱা হৈছে।

তাৎপয্যপূৰ্ণ কথাটো হ’ল অডিঅ’টোত অগপৰ শ্ল’গান ‘ঐক্য-শান্তি-প্ৰগতি’য়ে স্থান নাপালে।

মণিমাধৱ মহন্তক লৈ বিজেপি নেতা-কৰ্মীৰ মাজত ক্ষোভ

আনহাতে, এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, কলিয়াবৰ লোকসভা সমষ্টিতো বিজেপিয়ে অগপক এৰি দিয়াক কেন্দ্ৰ কৰি ইতিমধ্যে ক্ষোভৰ আৰম্ভণি হৈছে সমষ্টিটোৰ বিজেপিৰ তৃণমূল নেতা-কৰ্মীসকলৰ মাজত। পশ্চিম কলিয়াবৰ ব্লক পৰ্য্যায়ৰ এজন কৰ্মীৰ ক্ষুভিত ফেইচবুক পষ্টে ইয়াৰ স্পষ্টতা দাঙি ধৰিছে।

‘’ৰাষ্ট্ৰৰ বাবে পদুম ফুলৰ চিহ্নৰ বিকল্প নাই। কিন্তু আমি কলিয়াবৰ বিজেপিবাসী দুৰ্ভগীয়া ৰাষ্ট্ৰলৈ অৰিহণা যোগাবলৈ অসমৰ্থ। আমাৰ ফুল নাই।‘’ ক্ষুভিত বিজেপিৰ সক্ৰিয় কাৰ্য্যকৰ্তাজনে ফেইচবুক প’ষ্টৰ জৰিয়তে কয়।

আন এজন বিজেপি কৰ্মীৰ দুটাকৈ ফেইচবুক প’ষ্ট : ‘’কেন্দ্ৰত নৰেন্দ্ৰ মোদীক লাগে। কিন্তু তেওঁৰ নাম লৈ গাধ কিছুমান নেতা হোৱাটো নিবিচাৰো।#মিত্ৰতা।‘’ য়ুজাৰজনৰ দ্বিতীয় পোষ্ট, ‘’কলিয়াবৰত তৰুণ গগৈ পৰিয়াল vs মহন্তৰ পৰিয়াল।‘’ কংগ্ৰেছ আৰু মহন্তৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক লৈ এইদৰে সৰৱ হৈ পৰিছে ফেইচবুক ব্যৱহাৰকাৰী বিজেপি কৰ্মীজন।