অগপৰ ফেইচবুক পেইজত ক্ষুভিত কৰ্মী-সমৰ্থকৰ অশোভনীয় গালি-গালাজ দলটোৰ নেতৃত্বক

AGP Facebook post

অগপ নেতৃত্বই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোত কৌশলী আৰু বিশ্বাসৰ অযোগ্য ধৰণৰ স্থিতি প্ৰকাশ কৰি অহাত হতাশ আৰু ক্ষুভিত হৈ পৰিছে কৰ্মী, সমৰ্থকসকল।

ইয়াৰ প্ৰমাণ দি আঞ্চলিক দলটোৰ ফেইচবুক পেইজটোত আজি কৰ্মী, সমৰ্থক, অনুৰাগীয়ে গালি বুলি গণ্য কৰিব পৰা মন্তব্য কৰি থকা দেখা গৈছে।

দিনটোৰ কেইবাটাও পোষ্টত কৰ্মী, সমৰ্থকসকলে বিভিন্ন কটু মন্তব্যৰে নেতৃত্বক তুলাধূনা দিয়া দেখা যায়।

আজি দলটোৰ ফেইচবুক পেইজত অহা ২ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া অসম গণ পৰিষদৰ চাহ কোষৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাৰ বিষয়ে জনাই এটা পোষ্ট দিয়া হৈছিল। পোষ্টটোত ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰা হৈছে।

কি্ন্তু পোষ্টটো দিয়াৰ পিছতে কৰ্মী, সমৰ্থককে ধৰি বিভিন্নজনে কমেণ্ট কৰি নিজৰ নিজৰ ক্ষোভ উজাৰে। আনকি দলটোৰ নেতৃত্বক অশোভনীয় ভাষা প্ৰয়োগেৰে গালি-গালাজ কৰে।

এজনে মন্তব্য কৰিছে, “অগপ ৰাইজৰ দল হৈ থকা নাই। ইহঁত দিল্লী নাগপুৰত বিক্ৰী হোৱা নেতাৰ নামত দালাল হয়. অসম আৰু অসমীয়াৰ বাবে কলংক হয়”।

আন এজনৰ মন্তব্য, অগপ অতুল বৰা আৰু কেশৱ মহন্তৰ দল।

কোনোবাজনৰ মত, অগপ এতিয়া বাংলাদেশীৰ দল। আন এজনে আকৌ নেতৃত্বক “বিজেপিত যোগদান কৰক” বুলি কটাক্ষও কৰিছে।

এজনে নিজৰ কমেণ্টত লিখিছে, “জাতিদ্ৰোহী দ’ল মিছা হ’ব তোৰ কৌশল”।