কাৰো বোকোচাত উঠি অগপই পঞ্চায়ত নিৰ্বাচন নেখেলে : প্ৰফুল্ল কুমাৰ মহন্ত

Former Assam CM Prafulla Mahanta terms NRC as milestone

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো।

যোৱা ৩১ অক্টোবৰত অগপৰ সাধাৰণ পৰিষদৰ সভাই আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতো দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই মিত্ৰতা সন্দৰ্ভত কিছু বিভ্ৰান্তিকৰ মন্তব্যৰে দলটোক এক অস্থিৰ পৰিৱেশৰ মাজলৈ ঠেলি দিয়াৰ সময়তে বিষয়টোক লৈ মুখ খুলিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

আজি নগাঁৱৰ এক কাৰ্যসূচীত অংশ লৈ প্ৰফুল্ল কুমাৰ মহন্তই সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয়, ‘আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপই অকলে প্ৰতিদ্বন্দ্বিতা কৰিব। কোনো ৰাজনৈতিক দলৰে বোকোচাত উঠি অগপই পঞ্চায়ত নিৰ্বাচন নেখেলে। অগপৰ সাধাৰণ পৰিষদৰ সভাত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এতিয়া কোনোবাই পৰিৱৰ্তন আনিব বিচাৰিছে যদি এই বিষয়ে মই ক’ব নোৱাৰিম’।

মহন্তই আৰু কয় যে বিগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছক প্ৰতিহত কৰিবলৈ অসম গণ পৰিষদৰে বিজেপিৰ বুজা বুজি হৈছিল, পিছত অগপৰ সমৰ্থনত বিজেপিয়ে ৰাজ্যত চৰকাৰ গঠন কৰিছিল। কিন্তু এতিয়া দলটোক সাংগঠনিক দিশত শক্তিশালী কৰাৰ সময় আহি পৰিছে। সেয়ে পঞ্চায়ত নিৰ্বাচনত কাৰো গাত ভেজা নিদিয়াকৈ অকলেই অগপই প্ৰতিদ্বন্দ্বিতা কৰিব।

‘ক’ৰবাত জিকিবও পাৰো, ক’ৰবাত হাৰিবও পাৰো, সেইটো ডাঙৰ কথা নহয়। কিন্তু অগপ কোন ঠাইত শক্তিশালী, কোন ঠাইত দুৰ্বল সেয়া পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তেই জানিব পৰা যাব’। এইদৰে কয় অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই।

আনহাতে ৰাজ্যজুৰি এক অশান্তিকৰ পৰিৱেশৰ সূচনা হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মহন্তই এইখন আইনত পৰিণত হ’লে অসমীয়া জাতিয়ে  নিজৰ অধিকাৰ হেৰুৱাব বুলি মন্তব্য কৰে।