পৌৰসভাৰ নিৰ্বাচন: যোৱাবাৰৰ ২০ খন আসনতকৈ এখনো আসন কমকৈ নাপাও— ফণীভূষণ চৌধুৰী

'আমাৰ হৈ চালানী মানুহে প্ৰচাৰ চলোৱা নাই'

৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও পৌৰসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বঙাইগাঁৱত ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে ৷ পঁচিশটা ৱাৰ্ডযুক্ত বঙাইগাঁও পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি, কংগ্ৰেছ, চিপিআই(এম) আৰু অসম গণ পৰিষদৰ নেতা কৰ্মীয়ে চলোৱা প্ৰচাৰ অভিযানে সৃষ্টি কৰিছে নিৰ্বাচনী পৰিৱেশ ৷

প্ৰচাৰৰ ক্ষেত্ৰত চমক সৃষ্টি কৰিছে বিজেপিয়ে ৷ ইয়াৰ বিপৰীতে অসম গণ পৰিষদৰ দুৰ্গত দুৰ্গটোৰ ৰখীয়া হিচাপে নিজৰ দখলত ৰখা অগপৰ জ্যেষ্ঠ নেতা তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে নিজৰ ৰণকৌশল প্ৰস্তুত কৰি চলাই গৈছে দলৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৷ অগপ বিধায়কগৰাকীয়ে অংশগ্ৰহণ কৰা নিৰ্বাচনী প্ৰচাৰ সভাবোৰত ভোটাৰ ৰাইজৰ উপস্থিতিও আশাব্যঞ্জক পৰিলক্ষিত হৈছে ৷

বিধায়ক চৌধুৰীয়ে দলৰ প্ৰাৰ্থীৰ হৈ বুধবাৰে কেবাটাও ৱাৰ্ডত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷ চহৰখনৰ ১০ নম্বৰ ৱাৰ্ড আৰু ১৩ নম্বৰ ৱাৰ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিধায়ক ফণীভূষণ চৌধুৰীয়ে সাধাৰণ পৌৰসভাৰ ৱাৰ্ডৰ প্ৰচাৰ সভাত উত্তৰ প্ৰদেশৰ ব্যক্তিয়ে প্ৰচাৰকাৰ্য চলোৱাত সমালোচনা কৰে ৷

বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় ‘ আমাৰ ইয়াত পৌৰসভা নিৰ্বাচনত যিসকল দলীয় কৰ্মী, শুভাকাংক্ষী তথা সহকৰ্মীসকলেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ আমাৰ ইয়াত দলৰহৈ চালানী মানুহ আহি প্ৰচাৰ চলোৱা নাই ৷ কিন্ত অন্যান্য ৰাজনৈতিক দলৰ হৈ বাহিৰৰ পৰা মানুহ আহি তেওঁলোকৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ আৰম্ভ কৰিছে ৷ আমি গম পাইছো যে উত্তৰ প্ৰদেশৰ পৰা মানুহ আহি ১৩ নম্বৰ ৱাৰ্ডত এগৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে ৷ আমাৰ প্ৰশ্নটো হৈছে ১৩ নম্বৰ ৱাৰ্ডত প্ৰাৰ্থী গৰাকী জয়ী হোৱা- নোহোৱাটো ডাঙৰ কথা নহয় ৷ ডাঙৰ কথাটো হৈছে যিজন মানুহ কেবাশ কিলোমিটাৰ দূৰৰ পৰা আহি প্ৰচাৰ অভিযান চলাইছে, সেই গৰাকী মানুহক কিন্ত আপোনালোকে পিছত বিচাৰি নাপাব’ ৷

নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক ফনীভূষণ চৌধুৰীয়ে কয় ‘ অসম গণ পৰিষদ দলে যোৱা পৌৰসভা নিৰ্বাচনত লাভ কৰা ২০ খন আসনতকৈ এইবেলি এখনো আসন কম নাপায়’ ৷