• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অগপৰ নেতৃত্বৰ পৰিৱৰ্তন নঘটিলে বিজেপিত জীণ যাব নেকি আঞ্চলিক দলটো?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
March 8, 2019 4:55 pm
28regAGP

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে লোকসভা নিৰ্বাচনকেন্দ্ৰিক চৰ্চাৰ মাজত ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ভৱিষ্যতক লৈ অসমৰ জাতীয়তাবাদী শিৱিৰে যথেষ্ট উদ্বিগ্নতাৰে সময় কটাবলগীয়া হৈছে।ইয়াৰ মূল কাৰণ হৈছে দলটোৰ বৰ্তামান নেতৃত্ব। দলটোৰ বৰ্তমানৰ নেতৃত্বই নিজৰ ৰাজনৈতিক অপৰিপক্কতাৰ পৰিচয় দি ইতিমধ্যে অসমৰ জনসাধাৰণৰ আস্থা আৰু বিশ্বাস হেৰুওৱাৰ উপক্ৰম হৈছে।

২০১৬ৰ বিধানসভা নিৰ্বাচনত অগপই বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাক মানি লৈও গৰিষ্ঠ সংখ্যক অসমীয়া জাতীয়তাবাদী জনসাধাৰণে অগপই নিজৰ স্বকীয়তা বৰ্তাই ৰখাটো বিচাৰিছিল।সেয়েহে, জাতিৰ স্বাৰ্থত গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে অগপই অসমৰ জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰি আহিছে।দীৰ্ঘদিন ক্ষমতাৰ পৰা আঁতৰি থকা অগপ দলে কৌশলগত কাৰণতে বিজেপিৰ সৈতে মিত্ৰতা কৰাত আপত্তি নাথাকিলেও অসমৰ জনসাধাৰণে দলটোক স্বাধীনভাৱে আগবাঢ়ি যোৱাটো বিচাৰে।

অসমত বিধেয়ক বিৰোধী আন্দোলনৰ সময়ছোৱাত অগপই কিছু দুৰ্বল ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ আছে।উক্ত সময়ছোৱাত ৰাজ্যখনৰ আন আন জাতীয় দল সংগঠনে গ্ৰহণ কৰা শক্তিশালী স্থিতিৰ বিপৰীতে অগপই কিছু কৌশলী স্থিতি গ্ৰহণ কৰিছিল। বিজেপিৰে মিত্ৰতা কৰি শাসনৰ সোৱাদ লাভ কৰি থকা দলটোৱে নৰম অৱস্থানেৰে পৰিস্থিতটো শাম কটালৈ অপেক্ষা কৰিছিল। আনহাতে, বিজেপিৰ ৰাজ্যিক নেতৃত্বই বিধেয়কখনৰ সমৰ্থনত স্পষ্টভাৱে আৰু মুকলিকৈ ওলাই অহাৰ পাছতে অগপৰ বাবে সংকটৰ সময় উপস্থিত হ’ল। অৱশেষত অনিচ্ছা সত্ত্বেও মন্ত্ৰীকেইজনে পদত্যাগ কৰাৰ লগতে দলটোৱে চৰকাৰখনৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল।

মন্ত্ৰীসভাৰ পৰা ওলাই অহা আৰু চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছতে অসমৰ জনসাধাৰণে অগপৰ মাজত পুনৰ এক আশাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলে। সাময়িকভাৱে তেওঁলোকৰ ত্যাগক সকলোৱে বীৰোচিত আদৰণিও জনালে। সকলোৱে আশা কৰিলে এক শক্তিশালী স্থিতি গ্ৰহণ কৰি দলটোৱে জনসাধাৰণৰ মাজলৈ প্ৰত্যাৱৰ্তন কৰাৰ চেষ্টা চলাব।

কিন্তু দুৰ্ভাগ্যজনকভাৱে, দলটোৰ নেতৃত্বই গোটেই বিষয়টোৱে হোহকা পিছলা কৰি সময় কটোৱাৰ লগতে বিজেপিৰ লেজুত ধৰিয়েই সময় পাৰ কৰাৰহে চেষ্টা চলালে। লোকসভা নিৰ্বাচনৰ বাবে নিজাববীয়াকৈ প্ৰচেষ্টা চলোৱাৰ সলনি বিজেপিৰ সৈতে মিত্ৰতাৰ আশাত সময় পাৰ কৰিলে। অৱশেষত দলটোৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে অগপক একপ্ৰকাৰ ‘পাত্তা’ই নিদিলে। এতিয়া অগপই দিশহাৰা পখীৰ দৰে যেনিতেনি পাখি মেলি দিবলগীয়া হৈছে।

জানিব পৰা মতে, অগপৰ এটা অংশই আনকি কংগ্ৰেছৰ সৈতেও মিত্ৰতা বা গোপন বুজাবুজিৰ চেষ্টা চলাইছে। এই অংশটোৱে দলটোৰ বৰ্তমান নেতৃত্বৰ ওপৰত অসন্তুষ্ট আৰু বিজেপি নেতৃত্বইয়ো অগপৰ এই নেতাসকলক বেছি ওচৰ চাপিব নিদিয়ে। সেয়েহে, তেওঁলোকে কংগ্ৰেছৰ সৈতে বুজাবুজি কৰি হ’লেও বিজেপিক এসেকা দিয়াৰ বাবে সাজু। অৱশ্যে নিৰ্বাচনৰ বাবে দুই এদিনতে দলবোৰে নিজৰ নিজৰ স্থিতি প্ৰকাশ কৰিব আৰু তেতিয়াই এই সকলোবোৰ কথা স্পষ্ট হৈ পৰিব। বিজেপিয়ে শাসন ক্ষমতাৰ ব্যৱহাৰ কৰি জনসাধাৰণক প্ৰলোভিত কৰিব যদিও অগপৰ স্থিতিৰ ওপৰতো বহুখিন কথা নিৰ্ভৰ কৰিছে।

এই মুহূৰ্তত অগপৰ বৰ্তমান নেতৃত্বই দলটোৰ উত্তৰণৰ বাবে প্ৰধান বাধা হৈ পৰিছে। কিয়নো দলটোৰ নেতৃত্বত থকা তিনিজন নেতাই মন্ত্ৰী পদ এৰিবলগীয়া হোৱাত তেওঁলোক ভিতৰি সন্তুষ্ট নহয়। সেয়েহে বিজেপিৰ ওচৰ চাপি পুনৰ সেই সুবিধা গ্ৰহণ কৰিব পাৰে নেকি তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। ইপিনে জনসাধাৰণৰ ৰোষত পৰাৰ ভয়ত অতি সন্তৰ্পণে দলটোৰ নেতৃত্বই খোজ দিবলগীয়া হৈছে। কিন্তু এইবোৰ কথাই দলটোৰ বাবে যে সৰ্বনাশ মাতি আনিছে সেইকথা দলৰ তৃণমূল কৰ্মীৰ লগতে নিষ্ঠাৱান বিষয়ববীয়াসকলে ভালদৰে উপলব্ধি কৰিছে।

অগপত নেতৃত্বৰ পৰিৱৰ্তন নঘটিলে এইদৰে দলটো লাহে লাহে বিজেপিয়ে গ্ৰাস কৰি পেলোৱাৰ সম্ভাৱনা বৃদ্ধি পাই আহিছে। অগপৰ বোকোচাত উঠিয়েই অসমত ৰাজনৈতিক সফলতা লাভ কৰা বিজেপিয়ে লাহে লাহে আঞ্চলিক দলটোক নি:শেষ কৰাৰ বাবে উঠিপৰি লাগিছে।

বৰ্তমান অগপৰ প্ৰায়বোৰ ইচ্ছ্যু বিজেপিয়ে হাইজেক কৰি লৈছে। অসম চুক্তি, বিদেশী বহিষ্কৰণ,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকে ধৰি প্ৰায় সকলোবোৰ বিষয় বিজেপিয়ে তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডাত সন্নিৱিষ্ট কৰিছে। লাহে লাহে অগপই নিজৰ বুলি ইচ্ছ্যু বিচাৰি পাবলৈ টান হ’ব আৰু বিজেপিৰ ছত্ৰছায়াত পোহপাল যোৱাৰ বাবেই সাজু থাকিব লাগিব। শেহতীয়াকৈ অগপই ইয়াৰ সাংগঠনিক দিশত মুঠেই গুৰুত্ব দিয়া নাই। ইয়াৰ বিপৰীতে পুৰণি নেতাকেইজনে নিজৰ মাজতে দলটোক আবদ্ধ কৰি ৰাখি ইয়াক এটা ক্লাৱলৈ পৰিৱৰ্তন কৰিবলৈ ওলাইছে। অসমীয়া জনসাধাৰণৰ ত্যাগ আৰু ইচ্ছাক জলাঞ্জলি দিবলৈকো তেওঁলোকে কুণ্ঠাবোধ কৰা নাই।

অগপৰ নেতৃত্বৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত জাতীয়তাবাদী দল-সংগঠনৰ যুৱ নেতৃত্বৰ ভূমিকা গুৰুত্বপূৰ্ণ যদিও সাম্প্ৰতিক সময়ত তেওঁলোকক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰেহে আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। বিপৰীতে অগপৰ বৰ্তমান নেতৃত্বই যুৱ প্ৰজন্মক আকৰ্ষিত কৰাত ব্যৰ্থ হৈছে। দুৰ্ভাগ্যজনকভাৱে, বিজেপিৰ ৰাজনৈতিক কৌশলত ধৰাশায়ী হৈ অগপই যেন উৱাদিহ নোপোৱা হৈছে। অতি শীঘ্ৰেই অগপই বিজেপিৰ চক্ৰবেহুৰ পৰা ওলাই আহি নিজৰ অস্তিত্ব জাহিৰ কৰিব নোৱাৰিলে অগপই ভৰিৰ তলৰ মাটি যে হেৰুৱাব তাত কোনো সন্দেহ নাই।

 

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm
চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

August 23, 2025 5:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd