নাগৰিকত্ব সংশোধনী বিধেয়ক যিকোনো প্ৰকাৰে গৃহীত হ’বলৈ নিদিওঁ : কেশৱ মহন্ত

46516074_945811235809659_6040649134187216896_n

বহু বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনক অগপই কোনো কাৰণতেই গৃহীত হ’ব নিদিয়ে। এইদৰে মন্তৱ্য কৰিছে ৰাজ্য়ৰ জলসম্পদ মন্ত্ৰী তথা অগপ নেতা কেশৱ মহন্তই।

শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে হোজাইৰ কাকীত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই কেতবোৰ মন্তব্য ব্যক্ত কৰে। তেওঁ কয়, অগপই যুটীয়া সংসদীয় সমিতিৰ প্ৰতিগৰাকী সদস্যৰ দুৱাৰে দুৱাৰে বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াক গৃহীত নকৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ ফলতে বিধেয়কখন থমকি ৰৈছে।

মহন্তই কয়, ‘’অসমৰ স্বাৰ্থ বিৰোধী বিধেয়কখন আমি যিকোনো প্ৰকাৰে বাধা দিম।‘’

আনহাতে, পঞ্চায়ত নিৰ্বাচনত অগপই অকলেই প্ৰতিদ্বন্দ্বিতা কৰা বুলি স্পষ্ট কৰি মন্ত্ৰীগৰাকীয়ে এ আই য়ু ডি এফৰ সৈতে মিত্ৰতাৰ বিষয়টো স্পষ্ট ৰূপত খণ্ডন কৰে।

মন্ত্ৰী মহন্তই কয়, ‘’পঞ্চায়ত নিৰ্বাচনত অগপই কোনো দলৰ লগত মিত্ৰতা কৰা নাই, আমি অকলেই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, বদৰুদ্দিন আজমলৰ দলৰ লগতো অগপৰ কোনোপধ্যে মিত্ৰতা নহয়।’’

মন্ত্ৰীগৰাকীয়ে লামডিং সমষ্টিৰ ৯ নং কাকী জিলা পৰিষদৰ ঠাইচুপাৰ গাঁও পঞ্চায়তৰ অগপৰ এটা অস্থায়ী নিৰ্বাচনী কাৰ্যালয়ো মুকলি কৰে। তদুপৰি, তেওঁ কাকীৰ বিভিন্ন অঞ্চলত পঞ্চায়ত নিৰ্বাচনৰ বাবে অগপ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়।