বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰিব অগপই; মিত্ৰতা সন্দৰ্ভত বিজেপিয়েহে বিভ্ৰান্তি সৃষ্টি কৰিছে : সত্যব্ৰত

বিজেপিৰ সৈত অগপৰ মিত্ৰতা ভংগক সন্দেহৰ দৃষ্টিৰে চোৱা তথা দলটোৰ তিনিজন মন্ত্ৰীৰ পদত্যাগ পত্ৰ মুখ্য মন্ত্ৰীয়ে অনুমোদনৰ বাবে ৰাজ্যপালৰ ওচৰলৈ প্ৰেৰণ নকৰাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰাৰ সময়তে শনিবাৰে বিধায়ক সত্যব্ৰত কলিতাই দলটোৱে বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰিবলৈ সাজু বুলি ঘোষণা কৰে।

দলটোৰে মিত্ৰতা সন্দৰ্ভত বিজেপিয়েহে সাধাৰণ জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বুলি উল্লেখ কৰি বিধায়ক গৰাকীয়ে অগপৰ মন্ত্ৰীৰ পদত্যাগ পত্ৰ কিয় গ্ৰহণ কৰা নাই সেয়া মুখ্য মন্ত্ৰী তথা বিজেপিয়েহে জানিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

আনহাতে বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনত বিৰোধীৰ আসনত বহিবলৈকো অগপই সিদ্ধান্ত লোৱা বুলি বিধায়ক কলিতাই জনাইছে। লগতে বিধানসভাৰ অধ্যক্ষক অচিৰেই সাক্ষাৎ কৰি অগপই বিধানসভাত আসন সলনিৰ বাবে পত্ৰ দিব বুলিও জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আগন্তুক বাজেট অধিৱেশনত অগপৰ বিধায়ক সকলৰ আসন বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কৰ সৈতে হ’ব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিধানসভাত অগপই সৰৱ ভূমিকা গ্ৰহণ কৰিব বুলিও বিধায়ক সত্যব্ৰত কলিতাই উল্লেখ কৰে।