গুপুতে গুপুতে আৰু কিমান খেল বাকী : আকৌ ‘পৰ্যালোচনা’ৰ পাল পৰিল অগপৰ!

AGP office

পঞ্চায়তত বিপৰ্যয়ৰ পাছত নিমাওমাও অগপৰ কাৰ্যালয়। ফটো : নৰ্থইষ্ট নাও

‘পৰ্যালোচনা’ আৰু ‘আত্ম সমালোচনা’ এই শব্দ দুটাই বছৰ বছৰ ধৰি লগ এৰা দিয়া নাই আঞ্চলিকতাবাদী দল অসম গণ পৰিষদক। ২০০১ চনৰ পৰা ধাৰাবাহিকভাৱে কেৱল ‘পৰ্যালোচনা’ আৰু ‘আত্ম সমালোচনা’ই কৰি আহিছে দলটোৱে। কিন্তু ফল শূন্য।

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই দলটোৰ বাবে পুনৰ সেই শব্দ দুটা প্ৰাসংগিক হৈ পৰিছে। ঘোষিত ফলাফলত অগপৰ শোচনীয় পৰাজয়ৰ পাছতেই নিমাওমাও আমবাৰীৰ মুখ্য কাৰ্যালয়ত নৰ্থ-ইষ্ট নাওৰ সাংবাদিক উপস্থিত হৈছিল। লগ পাইছিল দলটোৰ তথ্য আৰু প্ৰচাৰ সম্পাদক মনোজ শইকীয়াক।

শইকীয়াই পঞ্চায়তত জনাদেশক নতশিৰে মানি লোৱা বুলি স্বীকাৰ কৰি অগপই আশানুৰূপ ফল লাভ নকৰাৰ বাবে ‘দলৰ মজিয়াত বিষয়টো পৰ্যালোচনা’ কৰিব বুলি জানিবলৈ দিয়ে।

কিন্তু অগপই এনেধৰণৰ ‘পৰ্যালোচনা’ আৰু কিমান কৰিলে ভাল ফল লাভ কৰিব?

অসম আন্দোলনৰ পটভূমিত গঠিত দলটোৱে ১৯৮৫ ত প্ৰথমবাৰ চৰকাৰ গঠনৰ পাছতেই ১৯৯১ চনৰ নিৰ্বাচনত মুখ ঠেকেচা খাইছিল। পাছত দলটোৱে আত্ম সমালোচনা কৰি পুনৰ অসমৰ ৰাইজৰ আস্থা লাভ কৰি ১৯৯৬ ত পুনৰ চৰকাৰ গঠন কৰিলে।

পৰবৰ্তী সময়ত ২০০১ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত অগপ আকৌ শোচনীয় ভাৱে পৰিজিত হ’ল। তেতিয়াৰ পৰাই লোক সভা, বিধান সভা, পঞ্চায়ত সকলোতে ধাৰাবাহিকভাৱে পৰাজয় বৰণ কৰি আহিছে আঞ্চলিক দলটো।

প্ৰতিটো নিৰ্বাচনৰ পাছতে দলটোৰ নেতৃত্বৰ মুখত ‘আমাৰ কৰবাত ভুল হৈছিল’, ‘দলটোক পুনৰ ৰাইজৰ আস্থাভাজন কৰিবলৈ পৰ্যালোচনা কৰিম’ জাতীয় কথাবোৰ বহুবাৰ শুনিবলৈ পোৱা গ’ল। কিন্তু এতিয়ালৈ তাৰ সুফল ধৰা দেখা যোৱা নাই।

পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলৰ পাছত দলটোৱে আহি থকা ২০১৯’ৰ লোকসভা নিৰ্বাচন আৰু ২০২১’ৰ বিধানসভা নিৰ্বাচনৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিবনে বুলি প্ৰশ্ন কৰাত মনোজ শইকীয়াৰ একেই উত্তৰ- ‘বিষয়টো লৈ দলৰ মজিয়াত পৰ্যালোচনা হ’ব আৰু আমি ভৱিষ্যতে কেনেদৰে আগবাঢ়িম সেই বিষয় লৈ সিদ্ধান্ত গ্ৰহণ কৰিম’।

কিন্তু প্ৰশ্ন হয় ২০০১ চনৰ পৰা বহু আত্মসমালোচনা আৰু পৰ্যালোচনা কৰিলে দলটোৱে, সেইবিলাক ফলপ্ৰসু নহ’ল কিয়? দ্বিতীয়তে, এইবাৰৰ পৰ্যালোচনা বাৰু দলটোৰ বাবে কিবা কামত আহিবনে?

আনহাতে, দলটোৰ এইবাৰৰ পৰাজয়ৰ বাবে শইকীয়াই মিত্ৰদল বিজেপিৰ গালৈ দায় ঠেলিবলৈও নেৰিলে।

‘চৰকাৰখন বিজেপিৰ নেতৃত্বত চলি আছে। অগপৰ বিধায়ক থকা সমষ্টিত উন্নয়ন মূলক কাম-কাজবোৰ হোৱা নাই, কিছু পৰিমাণে বাধাগ্ৰস্ত হৈছে। আমি মিত্ৰতাত থাকিলেও আমাৰ মাত্ৰ তিনিজনহে মন্ত্ৰী, বাকী আটাইখিনি বিজেপিৰ নেতৃত্বতেই চলি আছে’, মনোজ শইকীয়াই কয়।

উল্লেখ্য যে, অগপ-বিজেপি দুয়োটা দল মিত্ৰতাৰে চৰকাৰ চলাই থকাৰ পাছতো বিজেপিৰ জয়জয় ময়ময় অৱস্থাৰ বিপৰীতে অগপৰ ভেটি উচন হওঁ হওঁ। তেনে ক্ষেত্ৰত এই মিত্ৰতাই আঞ্চলিক দলটোক আৰু অধিক নিশকতীয়াহে কৰিব নেকি এই প্ৰশ্নও উত্থাপিত হৈছে।

শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দুয়োটা দলৰ মাজত মতানৈক্য চলি থকাৰ লগতে অগপ নেতৃত্বই মিত্ৰতা ছেদ কৰাৰ ভাবুকি দিলেও ক্ষমতাৰ মোহ এৰিব নোৱাৰা বুলিও চৰ্চিত হৈ আছে। ইপিনে, দলটোৰ যথেষ্ট সংখ্যক কৰ্মী-সমৰ্থকে বিজেপিৰে মিত্ৰতাত থকাৰ বিৰোধী। গতিকে, নেতৃত্বৰ এই ক্ষমতালিপ্সাইয়ো দলটোৰ বাবে কাল হৈছে নেকি সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে।