নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে কাইলৈ গুৱাহাটীত অগপৰ বিশাল প্ৰতিবাদী সমদল

agp

প্ৰতিনিধিত্বমূলক চিত্ৰ

অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ স্বাৰ্থত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাৰ বিৰুদ্ধে কাইলৈ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অসম গণ পৰিষদে।

অসম গণ পৰিষদ দলে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা প্ৰতিবাদী সমদলতো ঐতিহাসিক লতাশিল খেলপথাৰৰ পৰা আৰম্ভ হৈ চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰত অন্ত পৰিব। অসমৰ প্ৰত্যেকখন জিলাৰে অগপ সমৰ্থকে এই প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় নেতৃত্বই জনাইছে।

অসমত ভয়াবহভাৱে বৃদ্ধি পোৱা অবৈধ বিদেশী নাগৰিকৰ আগ্ৰাসনে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে অসমত হিন্দু শৰণাৰ্থী লোকক সংস্থাপন দিবলৈ ওলোৱা কাৰ্যৰ বিৰোধিতাৰে কাইলৈ এই বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জনায়।

আনহাতে মঙলবাৰৰ এই প্ৰতিবাদী সমদলটোত প্ৰায় ৫০ হেজাৰ অগপ সমৰ্থকে যোগদান কৰিব বুলি অগপৰ কেন্দ্ৰীয় নেতৃত্বই দাবী কৰিছে।

উল্লেখ্য যে অসম চৰকাৰৰ সহযোগী দল অগপই আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। দলটোৰ ফালৰ পৰা জানিবলৈ দি কয় যে অসম চুক্তি উলংঘা কৰা, নাগৰিকপঞ্জী উন্নীতকৰণত বাধা প্ৰদান কৰা তথা অসমক লৈ হেতালি খেলা কোনো কাৰ্যই অসমত হ’বলৈ নিদিও।

মন কৰিবলগীয়া কথা যে চৰকাৰৰ ভিতৰত থাকি এনেদৰে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি থকা কাৰ্যক বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধি কংগ্ৰেছ দলেও অগপ দলক বিভিন্ন সময়ত তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয়। এই সন্দৰ্ভত অগপৰ ফালৰ পৰা কোৱা হৈছে যে অগপ দলে চৰকাৰৰ ভিতৰত থাকিয়ে এই বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধিতা কৰি যাব। জাতিধ্বংসী বিধেয়কখন কোনো কাৰণতে গৃহীত হ’বলৈ দিয়া নহ’ব। ইয়াৰ বাবে দলে অসমত জনমত গঠন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰ উপৰি অগপ দলে বিভিন্ন সময়ত প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰি এই বিধেয়কখন গৃহীত নকৰিবলৈ বিভিন্ন পদক্ষেপ লোৱা দেখা যায়। ইয়াৰ উপৰি ২১ অক্টোবৰ অৰ্থাৎ দেওবাৰে উত্তৰ প্ৰদেশৰ মিৰাটৰ শাস্ত্ৰি নগৰত থকা যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালাৰ বাসগৃহত অগপৰ এটা প্ৰতিনিধি দলে তেওঁক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধিতা কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল।

ইফালে অগপই গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ দিনাই ৪৬টা জাতীয় সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত প্ৰতিবাদী কাৰ্যসূচীলৈ আহিবলগীয়া অসম গণ পৰিষদৰ সমৰ্থকসকলৰ যান-বাহনৰ বাবে এই বন্ধ ইতিমধ্যে শিথিল কৰা হৈছে বুলি ৪৬টা সংগঠনৰ ঐক্য মঞ্চৰ আহ্বায়কে এই কথা জনাইছে।