কলিয়াবৰত হিমন্তৰ প্ৰচাৰ সভাৰ খানা-পিনা যোগাৰ কৰিছে অগপৰ বিয়াগোম নেতাৰ মানুহে

himanta-biswa-sarma

আজিৰ তাৰিখত অগপৰ আটাইতকৈ দয়া-মায়াহীন সমালোচকজন কোন বুলি প্ৰশ্ন কৰিলে উত্তৰ দিবলৈ কাৰো বোধহয় এক মিনিটো সময়ৰ প্ৰয়োজন নহ’ব। সমালোচকৰ ঠাইত নিন্দুক বুলি সুধিলেও একেটাই উত্তৰ পাম।

সমকালীন ৰাজনৈতিক ইতিহাসে কয় যে তাচ্ছিল্যসূচক তথা অশোভনীয় বাক্যবাণত হিমন্তক কোনেও বলে নোৱাৰে। গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমান ক্ষুৰধাৰ ভাষাৰে অগপক কংগ্ৰেছ, এ আই য়ু ডি এফৰ নেতাই সমালোচনা কৰা নাই বা কৰিব পৰা নাই। দুয়োটা মিত্ৰ দল অগপ আৰু বিজেপিয়ে মিত্ৰতা আঁতৰাই থৈ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱাৰ পিছৰ এই কম সময়খিনিৰ ভিতৰতে হিমন্তই অগপক যিমান থকাসৰকা কৰিলে, বিগত প্ৰায় আঢ়ৈটা বছৰত বিৰোধী দলৰ পৰাও অগপই এনেকুৱা বিদ্ৰূপ সহিব লগীয়া হোৱা নাছিল।

কিন্তু সেই হিমন্তৰে কাইলৈ কলিয়াবৰ সমষ্টিৰ অধীনৰ জখলাবন্ধাৰ মিলন সংঘৰ বাকৰিত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনী প্ৰচাৰ সভাৰ বাবে খানা-পিনা যোগাৰৰ দায়িত্ব লৈছে অগপৰে এজন বিয়াগোম নেতাৰ মানুহে। জানিব পৰামতে, আজিৰ পৰাই হিমন্তৰ সভাখনৰ বাবে বিভিন্ন যা-যোগাৰক লৈ দিনটো ব্যস্ত আছে অগপৰ নেতা তথা মন্ত্ৰীজনৰ মানুহ।

উল্লেখযোগ্য যে কাইলৈ হেলিকপ্টাৰেৰে গৈ বিজেপিৰ মন্ত্ৰী হিমন্তই ৯.৩০ বজাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। তাৰ আগে আগে অগপৰো বাইক ৰেলিৰ কাৰ্য্যসূচী আছে। কিন্তু গোপন সূত্ৰৰ খবৰ মতে, অগপৰ নেতা তথা মন্ত্ৰীজনে দলটোৰ নিৰ্বাচিত কিছু কৰ্মীক হিমন্তৰ সভাখনৰ বাবে সকলো যোগাৰৰ আছুতীয়া দায়িত্ব দিছে।

জানিব পৰামতে, এই গোপন খবৰটো অগপ দলটোৰ শীৰ্ষ নেতৃত্বৰ কাণতো পৰিছে। তৎসত্ত্বেও কোনো প্ৰতিক্ৰিয়া নাই কৰা শীৰ্ষ নেতৃত্বই। অৰ্থাৎ এইবোৰ এতিয়া দলৰ বাবে ‘অপেন ছিক্ৰেট’ আৰু স্বীকৃত কথা।

হয়তো কাইলৈ সেই সভাৰ মজিয়াৰ পৰাই ন-বিজেপি হিমন্তই অগপ দলটোক পুনৰ ক্ষুৰধাৰ সমালোচনা কৰিব। আনকি অগপৰ উক্ত মন্ত্ৰী তথা নেতাজনকো কটাক্ষৰ খোঁচ এটা মাৰিব, আৰু এই আপাত বিৰোধত অসমৰ জনগণে ভাবিবলৈ ল’ব পাৰে যে দুয়োটা দলৰ মাজত ৰাজনৈতিক শত্ৰুতাই চৰম পৰ্য্যায় পাইছে।

হয়তো দুয়োটা দলৰ ‘উমৈহতীয়া বিৰোধী’ কংগ্ৰেছীসকলেও ইয়াৰ মাজেদি এটা সুযোগৰ পুনৰাৱিষ্কাৰ কৰি মিছা সন্তোষ লভিব। কোৱা বাহুল্য মাথো যে দুই মিত্ৰ দলে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা আঁতৰাই থৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ নাটকখনৰ সফলতা তাতেই।