বিজেপিৰে মিত্ৰতা অগপ দলৰ নীতি আদৰ্শৰ ভেটি উছন কৰা সিদ্ধান্ত : ড০ হীৰেণ গোহাঁই

Hiren Gohain Press meet

গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে সংবাদমেল সম্বোধন কৰিছে ড০ হীৰেণ গোহাঁইয়ে। ফটো : নৰ্থইষ্ট নাও

“অগপই বিশ্বাসঘাতকতা পাহৰি বিজেপিৰ সৈতে মিত্ৰতা কৰিছে।” গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে এক সংবাদমেলত এই মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইয়ে।

তদুপৰি, অগপই বিশ্বাসঘাতক দলৰ লগত হাত মিলাইছে বুলি মন্তব্য কৰি তেওঁ এয়া অতি নিৰ্লজ্জজনক আখ্যা দিয়ে। অগপৰ আত্মসমৰ্পণে তেওঁলোকক ৰাইজৰ আগত মুখ দেখুৱাব নোৱাৰা অৱস্থা কৰিব বুলিও সংবাদমেলত ডঃ গোহাঁইয়ে কয়।

তেওঁ লগতে কয়, “শুনা গৈছে যে কেইখনমান আসন আৰু প্ৰচুৰ ধনৰ উপহাৰৰ বিনিময়ত অগপই বিজেপিৰে মিত্ৰতাৰ সিদ্ধান্ত লৈছে। ই আঞ্চলিক দলটোৰ তৃণমূল কৰ্মীক চূড়ান্তভাৱে হতাশ আৰু ক্ষুব্ধ কৰিব। এই সিদ্ধান্ত অগপ দলৰ নীতি আদৰ্শৰ ভেটি উছন কৰা সিদ্ধান্ত।‘’

তদুপৰি, অগপ দলৰ বিশ্বাসঘাতক নেতৃত্বই পুনৰ দেশ প্ৰেমৰ মুখা পিন্ধিলেও অসমৰ ভোটদাতা ৰাইজে এই দলৰ প্ৰাৰ্থী আৰু দেশদ্ৰোহী ষড়যন্ত্ৰৰ মূল নায়ক বিজেপি দলৰ প্ৰাৰ্থীক দৃঢ়তাৰে প্ৰত্যাখান কৰিবৰ বাবে আহ্বান জনায় বুদ্ধিজীৱি গৰাকীয়ে।

তেওঁ লগতে কয়, “অগপই বিজেপিৰ কাৰ্যপন্থা অৱলম্বন কৰিছে।সকলো নীতি নিয়ম, আঞ্চলিকতাবাদৰ আদৰ্শ ভৰিৰে গচকি পেলাইছে।”

গোহাঁইয়ে প্ৰশ্ন কৰে, ‘অগপ দলে কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত আওকান কৰি কেনেকৈ মিত্ৰতা কৰিলে?’

আনহাতে, গোহাঁইৰ সৈতে সংবাদমেলত উপস্থিত থকা আন এগৰাকী বিশিষ্ট বুদ্ধিজীৱী উদয়াদিত্য ভৰালীয়ে কয়, “অগপই পূৰ্বেও বহু ভুল ত্ৰুটি কৰিছে। নিজৰ ল’ৰা বুলি পাহৰি গৈছে অসমৰ ৰাইজে।”

তেওঁ আৰু কয়, “অগপৰ সচেতনতা অহা বুলি ভাবিছিলো। অগপৰ ভেটি আৰু বিজেপিৰ ভেটি একেই। গতিকে অগপৰ ভেটি সুদৃঢ় কৰিবলৈ বিজেপিৰ ভেটি ভাঙিব লাগিব।” তেওঁ অসমৰ পৰা বিজেপিক উৎখাত কৰিব লাগিব বুলিও সংবাদমেলত মন্তব্য কৰে।

সংবাদমেলত উপস্থিত থকা মনজিত মহন্তই কয়, “এইটো এটা ভয়ানক পদাঘাত। অগপই মানুহক ঠগিছে। বিজেপিতকৈও বেছি ফাঁকিবাজ অগপ।” তদুপৰি, মহন্তই কয় যে অগপ নেতৃত্বই মিত্ৰতাৰ সিদ্ধান্ত লোৱাৰ বাবে আলোচনা কৰিবলৈ সাধাৰণ পৰিষদৰ সভাও অনুষ্ঠিত কৰা নাছিল ।