নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰা অসম গণ পৰিষদ দলৰ গুৱাহাটী মহানগৰ জিলা সমিতিখন মঙলবাৰে নিশা ভংগ কৰি দিয়ে।
ভংগ কৰিয়েই আজি আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত এখন বৈঠকত ৰাজেন মেধিক সভাপতি, অতুল বৰ্মনক কাৰ্যকাৰী সভাপতি আৰু ড০ তপন দাস আৰু খনীন বৰাক সম্পাদক হিচাপে লৈ এখন ৩৫ জনীয়া নতুন সমিতি এখন গঠন কৰে।
সাংগঠনিক কাম কাজৰ প্ৰতি কৰা অৱহেলাৰ কথা লক্ষ্য ৰাখি মহানগৰ জিলা সমিতিখন ভংগ কৰা হৈছে বুলি অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমলা কলিতাই কয়।
প্ৰকৃতাৰ্থত আগৰ সমিতিখনে কালি প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী আৰু পবিন্দ্ৰ ডেকাৰ নেতৃত্বত হোৱা কা বিৰোধী মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তাৰ পাছতে নিশা সমিতিখন ভংগ কৰা বিষয়টোৱে সকলোকে আচম্বিত কৰি তুলিছে।
ইপিনে, কালি লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা কা বিৰোধী মত বিনিময় অনুষ্ঠানত অসম গণ পৰিষদৰ কেইগৰাকীমান হে উপস্থিত আছিল বুলি দাবী কৰি কলিতাই কয় ‘অগপৰ তৃণমূল কৰ্মী কোনো নাছিল। সভাৰ আহ্বায়ক সকল ছদ্মবেশী।‘
কলিতাৰ মতে ‘কালি সভাত থকা ৯০ শতাংশ ব্যক্তিয়ে অসম গণ পৰিষদৰ পৰা বহিষ্কৃত বা পদত্যাগ কৰা। কিছুসংখ্যকে কাৰ্য্যালয়ে গচকি পোৱা নাই। নিৰেন শৰ্মা, প্ৰণৱ গোস্বামী বহিষ্কৃত। গুনীন হাজৰিকাই পদত্যাগ কৰিছে। ড০ অস্বীন কুমাৰ মহন্তই অগপৰ পৰা ৭ বাৰ পদত্যাগ কৰিছিল। সভাত উপস্থিত থকা ৩০ জন লোকহে অগপৰ।‘
এয়া অগপৰ উলম্ব বিভাজন বুলি ক’ব নোৱাৰি বুলি কলিতাই কয়।
ইপিনে, কালি কেন্দ্ৰীয় সমিতিৰ পৰা কোনোধৰণৰ অনুমতি নোলোৱাকৈ সভা অনুষ্ঠিত কৰিছিল বুলি অভিযোগ কৰি কলিতাই গোটেই বিষয়টো অনুসন্ধান কৰি প্ৰতিবেদন দিয়া হ’ব বুলি মন্তব্য কৰে।
‘প্ৰতিবেদন লাভ কৰাৰ পাছত দলৰ মজিয়াত আলোচনা কৰা হ’ব আৰু তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বা ব্যৱস্থা লোৱা হ’ব।‘
ইপিনে, কালি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত প্ৰফুল্ল কুমাৰ মহন্ত আৰু অন্যান্য কৰ্মীসকলক প্ৰবেশ নিষিদ্ধ কৰি গেটত তলা ওলোমাই ৰখা প্ৰসংগ সাংবাদিকে উত্থাপন কৰাত তেওঁ কয় ‘তেওঁলোকে পূৰ্বেই ভাগৱতী প্ৰসাদ বৰুৱা ভৱনটো ভাড়ালৈ বিচাৰিছিল। এই সভাখন অনুষ্ঠিত কৰিবৰ বাবে কেন্দ্ৰীয় সমিতিৰ অনুমতি লোৱা নাছিল।‘
ইপিনে, প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি অগপৰ তিনিজন বিধায়কে ৰাইজক বিভ্ৰান্ত কৰিছে বুলি দাবী কৰি তেওঁ কয় ‘তিনিওজন বিধায়কৰ কৰ্তৃত্ব নাই আমাক সময়সীমা বান্ধি দিবলৈ। আমাৰ সময়সীমা বান্ধি দিবৰ বাবে সাধাৰণ পৰিষদৰহে কৰ্তৃত্ব আছে।‘
‘মহন্তই কোনটো গণতান্ত্ৰিক কাম কৰিছে যে কোনো অনুমতি নলৈ সভা অনুষ্ঠিত কৰিব পাৰিলে।‘ মহন্তক প্ৰত্যাহ্বান জনাই কলিতাই এইদৰে কয়।