এইদৰে আমি মিত্ৰতাত থাকিব নোৱাৰিম : অগপৰ সভাপতি অতুল বৰা

AGP Meeting

আজি অনুষ্ঠিত অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী দলীয় কৰ্মীসভাৰ দৃশ্য।

অসমত বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পাছৰ পৰা বিজেপিৰ বিভিন্ন কামকাজ আৰু স্থিতিক লৈ মিত্ৰদল অসম গণ পৰিষদৰ অসন্তুষ্টি জনসাধাৰণৰ চকুত পৰি আহিছে।

বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক, বৃহৎ নদীবান্ধ আদি বিষয় লৈ বিজেপিৰে ব্যৱধান আছে অসম গণ পৰিষদ দলটোৰ। আৰু মাজে মাজে সেয়া তেওঁলোকৰ বক্তব্যত আওপকীয়াকৈ প্ৰকাশ পাই আহিছে। কিন্তু লাহে লাহে মিত্ৰতাক লৈ এই অসন্তুষ্টি মুকলিকৈ প্ৰকাশ কৰিবলৈ ধৰিছে অগপৰ শীৰ্ষ নেতৃত্বয়ো। আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিকভাৱে এয়া অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

মঙলবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত আই চি এ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী দলীয় কৰ্মী সভাত ভাষণ প্ৰদান কৰি আজি বিজেপিৰ বিৰুদ্ধে সৰৱ হয় অগপৰ বহুকেইজন শীৰ্ষ নেতা-কৰ্মী।

বিজেপিৰ পৰা পাব লগীয়া মৰ্যাদা নোপোৱাৰ অভিযোগ আনিলে স্বয়ং অগপৰ সভাপতি তথা মিত্ৰজোঁট চৰকাৰখনৰ মন্ত্ৰী অতুল বৰাই।

“আমি চৰকাৰৰ অংশীদাৰ হৈ থকাৰ পাছতো আমাৰ কৰ্মীসকলে সেই সন্মান লাভ কৰা নাই। মিত্ৰতাত থাকি আমি অৱহেলিত হৈছো”, দলৰ সভাপতি অতুল বৰাই কয়।

কেৱল ইমানেই নহয়, এনেকৈ দীঘলীয়া সময় মিত্ৰতাত থাকিব নোৱাৰিব বুলিও মন্তব্য প্ৰকাশ কৰে সভাপতিগৰাকীয়ে।

একেই অসন্তুষ্টি মন্ত্ৰী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰো। কেশৱ মহন্তই কয়, “আমাৰ বিধায়ক নথকা সমষ্টিলৈ গ’লে আমাক গুৰুত্ব নিদিয়ে। আমি চৰকাৰৰ অংশীদাৰ হোৱাৰ পাছতো আমাক এনেদৰে অৱহেলা কৰে।”

তেওঁ লগতে দলক শক্তিশালী কৰি আগ বঢ়ি যোৱাৰ প্ৰয়োজনৰ বিষয়ে কৈ পঞ্চায়ত, পৌৰ নিগম আৰু লোকসভাৰ নিৰ্বাচনত ভাল ফলাফল দেখুৱাব লাগিব বুলি মন্তব্য কৰে। তেওঁ কয়, “পঞ্চায়তৰ ক্ষেত্ৰত আমাৰ দখল ৰাখিব লাগিব। আমি সদায় আনৰ লগত আগ বাঢ়ি যাম বুলি নাভাবিব।”

এই সভাতেই বিজেপিৰে মিত্ৰতা ৰক্ষা কৰাৰ ফলত অগপ কৰ্মীৰ হোৱা তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ কথা দোহাৰে দলটোৰ পশ্চিম গুৱাহাটী কমিটীৰ কাৰ্যকৰী সভাপতি জিতেন ডেকাই।

ডেকাই কয়, “বিধান সভা নিৰ্বাচনত জয়ী হৈ অসমত চৰকাৰ কৰিবলৈহে বিজেপিয়ে আমাৰ লগত মিত্ৰতা কৰিলে। এতিয়া তেওঁলোকে আমাৰ কৰ্মীক কোনো ধৰণৰ সহায় নকৰে। নামতহে আমাৰ লগত মিত্ৰতাত আছে, কিন্তু বিজেপিৰ মন্ত্ৰীসকলেও আমাক গুৰুত্ব নিদিয়ে।”

তেওঁ লগতে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰতি পালনত ব্যৰ্থ হোৱা সন্দৰ্ভতো সৰৱ হয়।

অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো অগপৰ প্ৰতি বিজেপিৰ অৱহেলাৰ প্ৰসংগ উত্থাপন কৰে। সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক কলিতাই নিকায়-নিগম আৰু ব’ৰ্ডসমূহৰ অধ্যক্ষ, উপাধ্যক্ষ আদি পদত অগপই মনোনীত কৰা প্ৰাৰ্থীক বেছিভাগতে নাকচ কৰাৰ বাবে কৰ্মীসকল ক্ষুভিত হোৱা বুলিও তেওঁ মন্তব্য কৰে। লগতে এনে ধৰণৰ অৱহেলা চলি থাকিলে অগপই এটা চূড়ান্ত সিদ্ধান্ত ল’ব লাগিব বুলিও কয়।

সমাগত পঞ্চায়ত আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ এই সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী বিৰাজ কুমাৰ শৰ্মা, ডাঃ কমলাকান্ত কলিতা মন্ত্ৰী ফণীভূষণ চৌধুৰী প্ৰমুখ্যে ভালেসংখ্যক শীৰ্ষ নেতা উপস্থিত থাকে।