বিজেপিৰে অগপই মিত্ৰতা ভংগ কৰাটো এটি ভাল বতৰা : ড০ নগেন শইকীয়া

Nagen_Saikia

বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া। ফটো : উইকেপিডিয়া

ভাৰতীয় জনতা পাৰ্টিৰ সৈতে অসম গণ পৰিষদ দলে মিত্ৰতা ভংগ কৰাটো অসম আৰু অসমীয়া জনসাধাণৰ বাবে এটি ভাল বতৰা। এইদৰে নিজৰ মত ব্যক্ত কৰিছে অসম গণ পৰিষদ দলৰ প্ৰাক্তন সাংসদ, বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই।

তেওঁ কয় যে অসম গণ পৰিষদে মিত্ৰতা এৰি স্বতন্ত্ৰভাৱে থিয় দিলে জনসাধাৰণৰ সমৰ্থন তেওঁলোকে নিশ্চয় লাভ কৰিব। অসমৰ মানুহে আঞ্চলিক জাতীয় চেতনা বুকুত সাবটি লৈ অসম গণ পৰিষদক জন্ম দিছিল। কিন্তু তেওঁলোকৰ কেইগৰাকীমান নেতাই ব্যক্তিগতভাৱে প্ৰতিষ্ঠা লাভ কৰিলেও দলটোক জনসংযোগ আৰু কৰ্মৰে জনসাধাৰণৰ মাজলৈ লৈ যাব নাছিল।

মিত্ৰতা ভংগ কৰি অগপই এতিয়া এটা সুযোগ লাভ কৰিছে। এই সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে ৰাজ্যখন তথা অগপ দুয়ো লাভৱান হ’ব বুলি ড০ শইকীয়াই মত ব্যক্ত কৰে। পূৰ্বেও অসম গণ পৰিষদক বিজেপিৰ পৰা আঁতৰত থাকিবলৈ বিভিন্ন ধৰণে আহ্বান জনাই আহিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

ইপিনে, ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সমিতিখনত তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰাৰ বাবে পূৰ্বতে অনুমতি লৈছিল বুলি জানিব দি ড০ নগেন শইকীয়াই কি সিদ্ধান্ত ল’ব সেয়া সময়ত মুকলিকৈ প্ৰকাশ কৰিব বুলি সদৰী কৰে।

উল্লেখযোগ্য যে অসম গণ পৰিষদৰ জন্মলগ্নৰে পৰা যিকেইগৰাকী বুদ্ধিজীৱীয়ে দলটোৰ পৰামৰ্শদাতা হিচাপে আছিল তাৰ ভিতৰত ড০ নগেন শইকীয়া আছিল অন্যতম।