হোজাইত জনজাতীয় লোকৰ পথাৰ গুচি বহিছে লোহাৰ উদ্যোগ, প্ৰতিবাদ কৃষক মুক্তিৰ

হোজাইত কৃষক মুক্তিৰ প্ৰতিবাদ। ছবি- নৰ্থ ইষ্ট নাও।

হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত মূলতঃ জনজাতীয় খেতিয়কৰ পথাৰ চাংমাজি পথাৰত ব্যৱসায়ীয়ে ‘অবৈধভাৱে’ উদ্যোগ স্থাপন কৰি বিনষ্ট কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে এম এম নামৰ লোহা উদ্যোগটো ঘেৰাও কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

‘জনজাতীয় মূলৰ কৃষকসকলৰ কৃষিভূমি বিনষ্ট কৰি অনা-অসমীয়া বনিয়াই শিলৰ মেচিন, চিমেণ্ট ফেক্টৰি, লোহা কাৰখানা আদি স্থাপন কৰিছে’, বুলি অভিযোগ তুলি সংগঠনটোৰ ডবকা আঞ্চলিকে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবীৰে উপায়ুক্তলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

‘২০১৪ চনৰ ১২ আগষ্টত অসম চৰকাৰে দিয়া নিৰ্দেশনাত কৃষিক্ষেত্ৰৰ অন্য ক্ষেত্ৰলৈ পৰিৱৰ্তন বন্ধ ৰখাৰ পিছতো ডবকা ৰাজহ চক্ৰ কাৰ্যালয়ে কিদৰে জনৈক মনীষ আগৰৱালাৰ মালিকানাধীন এম এম নামৰ লোহা উদ্যোগটোক ভূমি হস্তান্তৰ কৰিলে,’ ডবকা ৰাজহ চক্ৰৰ কাম-কাজক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি এই মন্তব্য সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ।

চাংমাজি পথাৰৰ ২১৫ পট্টাৰ ২৬৩ দাগত সাত বিঘা পাঁচ লেচা মাটি অনা-অসমীয়া বনিয়াজনে বেলেগ লোকৰ নামত ক্ৰয় কৰা বুলিও অভিযোগ কৰে কৃষক মুক্তিৰ সভাপতিজনে।

আনহাতে প্ৰতিবাদত উপস্থিত গণমুক্তি সংগ্ৰাম, অসমৰ আহ্বায়ক বেদান্ত লস্কৰে লোহা উদ্যোগটোৰ কাম-কাজ ‘বন্ধ ৰখাৰ হুমকি’ দিয়াৰ লগতে ‘কৃষি ভূমিক কেনেকৈ উদ্যোগ ভূমিলৈ পৰিৱৰ্তন কৰা হ’ল ১৫ দিনৰ ভিতৰত ৰাজহ বিভাগে ষ্পষ্ট কৰিব লাগে’ বুলি দাবী তোলে।

প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলাৰ সভাপতি খগেন গায়ন, যুটীয়া সম্পাদক নীলমণি শইকীয়াকে ধৰি হোজাই জিলা সমিতিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত আছিল।