NORTHEAST NOW (Assamese)

ভাৰত আগমনৰ পূৰ্বে নিজৰ “বাহুবলী” ভিডিঅ’ টুইট ট্ৰাম্পৰ

February 23, 2020 12:11 pm · এন ই নাও নিউজ
Updated: February 23, 2020 12:13 pm

ভাৰত আগমনৰ কেইমুহূৰ্তমান পূৰ্বে ইউ এছ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলি কৰিছে নিজৰেই এক ‘‘বাহুবলী” ভিডিঅ‘।

Baahubali 2: The Conclusion“ৰ এক দৃশ্যত বাহুবলীৰ মুখত এডিট কৰি নিজৰ মুখ লগোৱা এটি ভিডিঅ’ ট্ৰাম্পে টুইট কৰিছে।

এটা আনভেৰিফাইড একাউণ্টে পূৰ্বে টুইট কৰা ভিডিঅ’টো ৰিটুইট কৰি ট্ৰাম্পে লিখিছে: “Look so forward to being with my great friends in INDIA!”

ভিডিঅ’টোত ফাৰ্ষ্ট লেডি মেলানিয়া ট্ৰাম্পকো দেখা গৈছে। কেইমুহূৰ্তমানৰ কাৰণে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখো তাত দেখা গৈছে।

ভিডিঅ‘টোৰ বেকগ্ৰাউণ্ডত “Jiyo Re Baahubali” গীতটো বাজি থকা দেখা গৈছে।

পত্নীৰ সৈতে ট্ৰাম্প সোমবাৰে আহমেদাবাদ আহি পোৱাৰ কথা। বিমান বন্দৰৰ পৰা ট্ৰাম্প দম্পতিক এক বিশাল ৰ’ডশ্ব’ৰ মাজেৰে মোদীয়ে ম’তেৰাৰ বিশ্বৰ সৰ্ববৃ্হৎ ক্ৰিকেট ষ্টেডিয়ামলৈ লৈ যাব।

Related News