• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সকাহ! বিভাগীয় ৱেবছাইটলৈ পুনৰ ঘূৰি আহিল এন আৰ চিৰ তথ্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 23, 2020 12:41 pm

2 min read

Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

728
VIEWS
Share on FacebookShare on Twitter

বিভাগীয় ৱেবছাইটৰ পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হোৱা ১০ দিনৰ পিছত এন আৰ চিৰ তথ্যবোৰ পুনৰ ঘূৰি আহিছে ইয়াৰ ৱেবছাইটলৈ। তথ্যবোৰ আৰু তাৰ লিংক পুনৰ অনলাইনত উপলব্ধ আৰু সচল হৈ পৰাত পুনৰ এ আৰ এন নম্বৰ পৰীক্ষা কৰিব পৰা হৈছে।

অসমৰ সৰ্বসাধাৰণ লোকক মহা হাৰাশাস্তিৰ মাজেৰে দেশৰ স্বাৰ্থত প্ৰস্তুত কৰা এন আৰ চিৰ তথ্য অনলাইনত উপলব্ধ নোহোৱাটো যোৱা ১১ ফেব্ৰুৱাৰিত ধৰা পৰিছিল।

বৰ্তমানৰ এন আৰ চি কৰ্তৃপক্ষই বোকা ছটিওৱাৰ খেল খেলি থাকোতে এই গুৰুত্বপূৰ্ণ তথ্যবোৰ পুনৰ অনলাইনত উপলব্ধ কৰোতে প্ৰায় ১০ দিন সময় উকলি যায়।

বৰ্তমানৰ কৰ্তৃপক্ষই প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দোষ জাপি দি কৈছিল যে উইপ্ৰ’ৰ সৈতে থকা ক্লাউড সেৱাৰ চুক্তি পুনৰ নৱীকৰণ নকৰা বাবে এই তথ্য অনলাইন উপলব্ধতা নোহোৱা কৰিছে ইনফৰ্মেশ্যন টেকন’লজিৰ কোম্পানিটোৱে।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাৰ্তালোচনী আউটলুকৰ এটা বাতৰিত কোৱা হৈছিল যে তেওঁলোকক উইপ্ৰ’ৱে জানিবলৈ দিছে যে ২০১৯ৰ অক্টোবৰত ম্যাদ উকলা তথ্য প্ৰযুক্তি সেৱাৰ .চুক্তি নৱীকৰণ কৰা হোৱা নাছিল।

প্ৰতীক হাজেলাই ৰাজ্যিক সমন্বয়ক হিচাপে ২০১৯ চনৰ ১১ নৱেম্বৰত বিদায় লয়।

তাৰ পিছত ইয়াক নৱীকৰণৰ বাবে নতুন সমন্বয়ক তথা কৰ্তৃপক্ষই যথেষ্ট সময় পায় যদিও সেয়া ২০২০ চনৰ ১২ ফেব্ৰুৱাৰি পৰ্য্যন্ত নকৰাকৈ থাকে।

ইয়াক লৈ যথেষ্ট সমালোচনা হোৱাৰ পিছত অৱশেষত এই ক্লাউড সেৱাৰ চুক্তি নৱীকৰণ কৰা হয় আৰু গুৰুত্বপূৰ্ণ তথ্যবোৰ অনলাইনত পুনৰ উপলব্ধ হৈছে।

অসমৰ প্ৰায়বোৰ জাতীয় সংগঠনৰ দাবীত আৰু উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এটা ৬ বছৰীয়া জটিল প্ৰক্ৰিয়াৰ মাজেৰে যোৱা বছৰৰ ৩১ আগষ্টত অসমৰ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছিল।

চূড়ান্ত এন আৰ চিত ৩,১১,২১,০০৪গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ১৯,০৬,৬৭৭গৰাকী লোকৰ নাম বাদ পৰিছিল।

Recent News

a utta

বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ আকস্মিক পদত্যাগ

Bird-750x375

বৰাইল পাহাৰত ৰোমাঞ্চকৰ অভিযান পাঁচ পক্ষীপ্ৰেমীৰ : সন্ধান লাভ বিৰল প্ৰজাতিৰ পক্ষী

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd