NORTHEAST NOW (Assamese)

বিহুৰ সময়তে ৰন্ধন গেছৰ তীব্ৰ নাটনিৰ শংকা; ১০ জানুৱাৰিৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰন্ধন গেছ পৰিবহণ সংস্থাৰ

January 9, 2019 10:46 am · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা ১০ জানুৱাৰিৰ পৰা উত্তৰ পূব এল পি জি পৰিৱহণ সংস্থা (North East (Packed) LPG Transporters Association)ই অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্য্যসূচী লৈছে। ইয়াৰ ফলত সমগ্ৰ উত্তৰ-পূবৰ লগতে অসমত ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াৰ শংকা প্ৰৱল হৈছে।

সংস্থাই জনোৱামতে, মোদী চৰকাৰে সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ ৰন্ধন গেছ পৰিৱহণ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ বাবে পূৰ্বতে ধাৰ্য কৰা নিবিদাৰ নিৰিখ সম্প্ৰতি চাৰি বছৰৰ পাছত ২০ শতাংশ হ্ৰাস কৰাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদত এই অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

এই ধৰ্মঘট কাৰ্য্যসূচীৰ ফলত উত্তৰ-পূবত ব্যৱসায়টোৰ সৈতে জড়িত হৈ থকা ৬২৫খনৰো অধিক ট্ৰাকৰ চলাচল বন্ধ থাকিব। সমগ্ৰ উত্তৰ-পূবত ৰন্ধন গেছ চিলিণ্ডাৰৰ প্ৰায় ১৩০০ বিতৰকক এই গাড়ীবোৰে বটলিং প্লাণ্টৰ পৰা চিলিণ্ডাৰ আনি যোগান ধৰি আহিছে। গতিকে এই গাড়ীবোৰ বন্ধ ৰখাৰ ফলত বিতৰকসকলে গেছ চিলিণ্ডাৰৰ যোগান নোপোৱাটো খাটাং, যিটোৱে এটা সংকটৰ সৃষ্টি কৰিব।

জানিব পৰামতে, উত্তৰ পূব এল পি জি পৰিৱহণ সংস্থাই ইয়াৰ সভাপতি জয়ন্ত কুমাৰ নাথ আৰু যুটীয়া সচিব বলীন মৰাণ স্বাক্ষৰিত এখন পত্ৰযোগে ৫ জানুৱাৰিত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীক এই ধৰ্মঘটৰ বিষয়ে অৱগত কৰিছিল।

সভাপতি জয়ন্ত কুমাৰ নাথে জনোৱামতে, উত্তৰ-পূবৰ গেছ চিলিণ্ডাৰ পৰিৱহণ ব্যৱসায়ীসকলে বিভিন্ন কাৰণত যথেষ্ট লোকচানৰ সন্মুখীন হৈ আহিছে। বেয়া পথ পৰিবহণ ব্যৱস্থা, সঘন বন্ধ, ধনদাবী আদিয়ে ব্যৱসায়ীসকলক লাভৰ পৰা বঞ্চিত কৰি আহিছে। ইয়াৰ পিছতো ইণ্ডিয়ান অইল ক’ৰ্পৰেইশ্যনে নিবিদাৰ নিৰিখ ২০ শতাংশ হ্ৰাস কৰিছে।

উল্লেখযোগ্য যে অঞ্চলটোত এজেন্সিবোৰক চিলিণ্ডাৰ যোগানৰ বাবে অইলৰ অধীনত কিছু সংখ্যক ট্ৰাক আছে যদিও, সেয়া তেনেই নগণ্য বুলিব পাৰি। তাৰ বিপৰীতে উত্তৰ পূব এল পি জি পৰিৱহণ সংস্থাৰ অধীনত প্ৰায় ১৩০০ এজেণ্ট আছে, যিবোৰৰ প্ৰত্যেকৰে প্ৰায় ১০-১৫ হাজাৰকৈ গ্ৰাহক আছে।

Related News