• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঐক্যবদ্ধ হ’ল সমগ্ৰ উত্তৰ-পূব; বিজেপিশাসিত মণিপুৰ, ত্ৰিপুৰাকে ধৰি বন্ধ সৰ্বাত্মক আছিল মেঘালয়, মিজোৰাম, নাগালেণ্ডতো

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 9, 2019 10:16 am

2 min read

Imphal Bandh

৮ জানুৱাৰিৰ বন্ধৰ সময়ত ইম্ফলৰ এটা দৃশ্য।

308
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত সমগ্ৰ উত্তৰ-পূবৰ জনগণক ঐক্যবদ্ধ ৰূপত আন্দোলন কৰা দেখা গ’ল ৮ জানুৱাৰিৰ উত্তৰ-পূব বন্ধৰ জৰিয়তে। উত্তৰ-পূবৰ বিভিন্ন ছাত্ৰ সংগঠনৰ উমৈহতীয়া মঞ্চ, নেছ’ই বিধেয়কখনৰ বিৰোধিতাত আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ’ল উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন ৰাজ্যতে।

বিজেপি শাসিত অসমত এই বন্ধ সৰ্বাত্মক হোৱাৰ লগতে বিজেপিশাসিত মণিপুৰ, ত্ৰিপুৰা আৰু বিজেপি শাসনৰ অংশীদাৰ হৈ থকা মেঘালয়, নাগালেণ্ডতো এই বন্ধ সৰ্বাত্মক হোৱা দেখা গ’ল।

বন্ধৰ সময়ত অসমৰ লগতে, ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়তো প্ৰচুৰ হিংসাত্মক ঘটনা ঘটে। অসমত গোলাঘাট আৰু ডিব্ৰুগড়ত বন্ধৰ সমৰ্থকে বিজেপিৰ কাৰ্য্যালয়ত আক্ৰমণ আৰু অগ্নিসংযোগ কৰে। আনহাতে ত্ৰিপুৰাত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰায় ১৮জন লোক আহত হয়। পশ্চিম ত্ৰিপুৰাত খুমলুঙত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাৰ ফলত ৬জনকৈ লোক আহত হয়। ইয়াৰে ২জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আনহাতে মেঘালয়তো দুই-এঠাইত বিক্ষিপ্ত ঘটনা ঘটে আৰু বন্ধৰ সমৰ্থকে পথত টায়াৰ জ্বলোৱাৰ লগতে দুই-এখন গাড়ীত আক্ৰমণ কৰাৰ বাতৰি পোৱা গৈছে। শ্বিলঙৰ ৰাজপথ আছিল প্ৰায় জনশূন্য। একেদৰেই নাগালেণ্ডৰ বাট-পথো আছিল ব্যতিক্ৰমভাৱে উকা। ৰাজপথত শিশুসকলক ক্ৰিকেট খেলা দেখা গৈছিল।

অৰুণাচল প্ৰদেশত নেছ’ৰ উপৰি সদৌ অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ য়ুনিয়নেও বিধেয়কখনৰ বিৰোধিতাত বন্ধৰ আহ্বান কৰিছিল। ফলত বন্ধৰ সময়ছোৱাত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰে ৰাজ্যখনত।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ আটাইবোৰ ৰাজ্যৰ জনগণে একেটা বিষয়ক লৈ ঐক্যবদ্ধভাৱে আন্দোলন কৰা এই ঘটনা বিৰলপ্ৰায়। কিন্তু দুখৰ বিষয় যে উত্তৰ-পূবৰ জনগণৰ তীব্ৰ বিৰোধিতা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰেৰ কেবিনেটে দুবাৰ নভবাকৈ বিধেয়কখনত অনুমোদন জনোৱাৰ লগতে লোকসভাতো নিজৰ সংখ্যাগৰিষ্ঠতাৰ জোৰত পাছ কৰায়।

ইপিনে বিধেয়কখন কেবিনেটত অনুমোদন জনোৱাৰ পিছতে অসমত বিজেপিৰ সৈতে মিত্ৰতাৰে চৰকাৰৰ অংশীদাৰ হৈ থকা অগপই মিত্ৰতা ছেদ কৰে। মেঘালয়তো কনৰাড চাংমাই মিত্ৰ বিজেপিৰ প্ৰতি নিজৰ অসন্তুষ্টি ইতিমধ্যে ৰাজহুৱা কৰিছে।

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd