মোট সলালে শিলাদিত্যই! নিৰ্বাচনৰ সময়ত দলৰ নিৰ্দেশত ‘হঠাৎ মুছলমান প্ৰীতি’ বিধায়কজনৰ

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে মোদীয়ে ‘সবকা সাথ সবকা বিকাশ’ নীতি লৈছে : শিলাদিত্য

Shiladitya

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা অহৰহভাৱে অসমৰ মুছলমানসকলক পোনপটীয়াকৈ অপমানজনক শব্দ, বাক্যৰে আক্ৰমণ কৰি অহা বিজেপিৰ বিধায়ক শিলাদিত্য দেবৰ নতুন অৱতাৰে সকলোৰে দৃষ্টি কাঢ়িছে। বিধায়কজনৰ মুখত এতিয়া সততে শুনিবলৈ পোৱা গৈছে ‘জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে’ মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ নীতিৰ কথা।

বিধায়কজনৰ স্বভাৱৰ এই আমূল পৰিৱৰ্তনৰ আঁৰত কি নিশ্চয় জনসাধাৰণে জানে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে খিলঞ্জীয়াৰ ৰোষত পৰা বিজেপিৰ বাবে সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘু ভোটাৰ গুৰুত্বপূৰ্ণ ফেক্টৰ হৈ পৰিছে। গতিকে দলে বিধায়কজনক ভিতৰুৱাকৈ কঠোৰ সকীয়নি দিয়ে।

এই সকীয়নি পাই শিলাদিত্যৰ সুৰ সম্পূৰ্ণ সলনি হৈ যায়। ফলত যোৱা কেইবাদিনো ধৰি সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰা বিৰত আছে বিধায়কজন। লগতে নিৰ্বাচনী প্ৰচাৰৰ অৰ্থে উপস্থিত থকা সভা-সমিতিত বিধায়কজনক দেখা গৈছে সংখ্যালঘু নেতা-পালিনেতাৰ সৈতে ফটো উঠাও।

উল্লেখযোগ্য যে যোৱা ৭ নৱেম্বৰৰ দিনা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে শিলাদিত্যৰ মন্তব্যই সংখ্যালঘু লোকসকলৰ মাজত অসন্তুষ্টি আনিছে বুলি উল্লেখ কৰিছিল। লগতে একেখন সভাতে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তৌফিক ৰহমানে শিলাদিত্যক ইংগিত কৰি বিজেপিত ‘দুই-এজন বিকৃত মস্তিষ্কৰ মানুহ আছে’ বুলি কৈছিল।

ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দলৰ ‘সংসদীয় ব’ৰ্ডলৈ লিখিত আকাৰত বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ পত্ৰ দাখিল কৰিছিল বুলি জনা যায়।

দলৰ এই হেঁচা আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিতৰ্কিত তথা মুছলমান বিদ্বেষী বিধায়ক শিলাদিত্যই মুখ বন্ধ ৰাখিছে। যোৱা ৭ নবেম্বৰৰ দিনা বিধায়কজনে নিজা সমষ্টি হোজাইৰ এটা সংখ্যালঘু অধ্যুষিত অঞ্চলত  এখন সভাত উপস্থিত থাকি এনেকুৱা বহু কথা কয়, য’ত সংখ্যালঘুসকলক বিজেপিয়ে বৈষম্যৰ দৃষ্টিৰে নাচায় বুলি দাবী কৰা হয়। নিজৰ ভাষণৰ ‘জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে’ মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ নীতিৰ কথাও আওৰায় বিধায়কজনে।

“বিকাশৰ কোনো ধৰ্ম নাই, বিকাশৰ কোনো জাতি নাই।”, এইদৰে কয় বিধায়কজনে।

“যেতিয়া ৰাস্তা নিৰ্মাণ কৰা হয়, তাত লিখা থাকে নেকি এইটো হিন্দু যোৱা ৰাস্তা, এই ৰাস্তাটো মুছলমানৰ কাৰণে। বিজেপি চৰকাৰ ভাৰতলৈ অহাৰ আগতে জাতি-ধৰ্মৰ ওপৰতে ৰাজনীতি হৈ আহিছিল। কিন্তু বিজেপি চৰকাৰে মাৰোৱাৰী, বেংগলীসকলৰ সমান্তৰালকৈ মুছলমানসকলৰো উন্নয়নো কৰিছে।” বিধায়কজনৰ মন্তব্য।

আনহাতে ছ’চিয়েল মিডিয়াতো বিধায়কজনৰ এই মোট সলোৱা কথাটোৰ ৰসাল চৰ্চা হোৱা দেখা গৈছে। বহুতে ইয়াক ‘ভোটৰ আশাত ভূতৰ মুখত ৰাম নাম’ আখ্যা দিয়ে। আন বহুতক ‘নিৰ্বাচনৰ বাবে এই অৱতাৰ, নিৰ্বাচনৰ পিছতে আকৌ আগৰ ফৰ্মলৈ উলটি যাব’ ইত্যাদি মন্তব্য কৰা দেখা গৈছে।