NORTHEAST NOW (Assamese)

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা

January 7, 2021 6:16 pm · এন ই নাও নিউজ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ২০২১ বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা কৰিছে।

সেই মৰ্মে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা ১১ মে’ত আৰম্ভ হৈ ১৪ জুনত সমাপ্ত হ’ব।

মূল পৰীক্ষাৰ পূৰ্বে ব্যৱহাৰিক পৰীক্ষা সমূহ ২০ এপ্ৰিলৰ পৰা ৫ মে’লৈ অনুষ্ঠিত কৰা হ’ব বুলি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা জানিবলৈ দিছে।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল চলিত বৰ্ষৰ ৩০ জুলাইত ঘোষণা কৰা হ’ব।

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচীখন তলত প্ৰকাশ কৰা হ’ল—

Related News