নতুন শিক্ষানীতিয়ে AHSECলৈ আনিছে অশনি সংকেত! : SEBAৰ অধ্যক্ষ আৰ চি জৈনৰ বিৰুদ্ধে সৰৱ AHSECৰ অধ্যক্ষ

AHSEC ৰ বিৰুদ্ধে কিয় ষড়যন্ত্ৰত লিপ্ত হৈছে SEBA?

338c5225-d4cd-475a-8178-ddcd3905f3d8

নতুন শিক্ষানীতিয়ে অশনি সংকেত কঢ়িয়াই আনিব অসম উচ্চতৰ শিক্ষা সংসদলৈ। এই কথা স্বীকাৰ কৰি শুকুৰবাৰে সংসদত এক সংবাদমেল সম্বোধন কৰি চেবাৰ অধ্যক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰে AHSECৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই।

সংবাদমেলত তেওঁ কয় ‘আমাৰ কাউন্সিলখন বিপদত পেলাবৰ বাবে এটা বিশেষ গ্ৰুপে যত্ন কৰি আছে। কোভিডৰ ভয়াৱহতাৰ মাজতে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। সেই গ্ৰুপে এনে এটা সিদ্ধান্ত ল’লে যে এই কাউন্সিলৰ যোগ্যতা নাই বেলেগ এটা প্ৰতিষ্ঠানক পৰীক্ষা অনুষ্ঠিত কৰাৰ বা পাঠ্যক্ৰম যুগুত কৰাৰ দায়িত্ব দিব লাগে। এই সিদ্ধান্ত অনুসৰি AHSECৰ নামভৰ্তি প্ৰক্ৰিয়া চেবাৰ পৰ্টেলত হ’বলৈ ল’লে।‘

ইপিনে, উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক স্কুটী দিয়াৰ কথা চলি আছে। তেনে পৰিপ্ৰেক্ষিতত স্কুটি কোনে কোনে লাভ কৰিব তাৰ তালিকা AHSECৰ লগত আছে বুলি দাবী কৰি বৰগোহাঁইয়ে কয় ‘কিন্তু ছেবাৰ জৰিয়তেহে এই স্কুটী ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হৈছে। নিয়ম মতে এই তালিকাখন আমিহে তেওঁলোকক দিব লাগে।‘

আনহাতে, উক্ত সংবাদমেলৰ জৰিয়তে AHSECক ধ্বংস কৰিবলৈ SEBAই কিছু অজুহাত উলিয়াইছে বুলি আওপকীয়াকৈ উল্লেখ কৰে আৰু তাৰ এক বিস্তৃত উদাহৰণ দাঙি কৰে।

তেওঁ কয় ‘তেওঁলোকে পৰিকল্পনাসমূহ অতি সুন্দৰ আৰু মসৃণভাৱে কৰিছে। নতুন শিক্ষানীতি অনুসৰি নৱম, দশম, একাদশ, দ্বাদশ এখন ব’ৰ্ড হ’ব। সেই ব’ৰ্ডখন যাতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনলৈ নাহে সেই ব্যৱস্থাটো ছেবাই কৰিব চেষ্টা কৰি আছে।

ছেবাই AHSECৰ পৰা ব্যৱস্থাটো নিজৰ হাতত ৰখাৰ কৌশল কৰা বুলি তেওঁ আওপকীয়াকৈ উল্লেখ কৰে।

ইতিমধ্যে, যোৱা বৰ্ষতে অনুষ্ঠিত হোৱা AHSECৰ কনিষ্ঠ সহায়কৰ ৩১ টা পদৰ নিযুক্তি বাতিল হৈছে মাত্ৰ এখন OMR শ্বীটৰ বাবে। ৩১ টা পদৰ বাবে ২৪০০০ তকৈও অধিক পৰীক্ষাৰ্থী পৰীক্ষাত বহিছিল আৰু কাউন্সিলত এই কথা সিদ্ধান্ত হৈছিল।

 

এই সন্দৰ্ভত তেওঁ কয় ‘কিন্তু নতুন সচিবগৰাকী অহাৰ লগে লগে আমাৰ য়ুনিয়নখন দুভাগ হ’ল। পাণ্ডু কলেজৰ মাত্ৰ এখন OMR শ্বীটত পৰীক্ষা নিয়ন্ত্ৰকে চহী কৰা নাছিল। সেই কাৰণে মই চহী কোনে কৰা নাই বিচাৰি উলিয়াবলৈ ফোনযোগে কৈছিলো। মোৰ এই অনুৰোধৰ ওপৰতে এনেকুৱাকৈ পলিচি প্ৰস্তুত কৰা হ’ল যে গোটেই পৰীক্ষাটোতে বেমেজালি আছে। তাৰ পাছতে এখন আবেদন পৰীক্ষা নিয়ন্ত্ৰকে পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে আমাৰ কাউন্সিল আৰু য়ুনিয়নলৈ পঠিয়ালে। তাৰ পাছতে কাউন্সিল দুভাগ হ’ল। ৫০ গৰাকীয়ে ৩১ টা পদত নিযুক্তি বন্ধ হ’ব লাগে বুলি ক’লে আৰু ৬০ গৰাকীয়ে এই নিযুক্তি বন্ধ হ’ব নালাগে বুলি ক’লে।‘

‘এইটোৱেই কাউন্সিলৰ প্ৰথমটো পৰীক্ষা য’ত নেকি প্ৰথমবাৰলৈ জামাৰ ব্যৱহাৰ কৰা হৈছে। জামাৰ দি অনুষ্ঠিত কৰাৰ পাছতো তেওঁলোকে অজুহাত উলিয়ালে যে এখন OMR শ্বীটত চহী নকৰাৰ বাবে সমগ্ৰ পৰীক্ষা ব্যৱস্থাটোতে গণ্ডগোল আছে।‘ তেওঁ লগতে কয়।

ইয়াৰ পাছতে শিক্ষা বিভাগে অধ্যক্ষৰ তলৰ পদবীৰ তলৰ প্ৰাক্তন সচিবৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে তদন্ত কৰিবলৈ দিলে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘কেনেকৈ সচিবে এজন অধ্যক্ষৰ বিৰুদদ্ধে তদন্ত কৰিব? এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দিবলৈ কোৱা হৈছিল যদিও পাঁচমাহ পাৰ হৈ যোৱাৰ পাছতো তেওঁ প্ৰতিবেদন দিয়া নাছিল।‘

তাৰ পাছতে পৰৱৰ্তী সময়ত চেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ দ্বাৰা AHSECৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্ত কৰিবলৈ দিলে বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘ৰমেশ চন্দ্ৰ জৈন AHSEC কাউন্সিলৰ সদস্য। এগৰাকী সদস্যই তেওঁৰ নিজৰ কাউন্সিলৰ বিৰুদ্ধে কেতিয়াও তদন্ত কৰিব নোৱাৰে। ৬-৭ মাহৰ পাছত তেওঁ মোৰ বিৰুদ্ধে তদন্তৰ প্ৰতিবেদন দিলে। তেওঁৰ প্ৰতিবেদন সম্পূৰ্ণ অবৈধ বুলি ভাবো।‘

উচ্চ ন্যয়ালায়েও এই ক্ষেত্ৰত পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জনাইছিল যদিও পৰৱৰ্তী লেখ আবেদনৰ নিৰ্দেশ নোপোৱা পৰ্যন্ত নিযুক্তি দিব নালাগে। পাছত ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰীক্ষাটোৰ ফলাফল ঘোষণা কৰা বুলি তেওঁ উল্লেখ কৰে।

‘উচ্চ ন্যায়ালৰ মতে নিযুক্তিটো হ’ব লাগে কৰিন্তু চৰকাৰৰ মতে নিযুক্তিটো বন্ধ হ’ব লাগে।‘ তেওঁ কয়।

তাৎপয্যপূৰ্ণভাৱে, তেওঁ প্ৰয়োজন সাপেক্ষে এই পদৰ পৰা অৱসৰৰ কৰাৰ কথা ঘোষণা কৰি লগতে কয় ‘মই কোন জাতিৰ সেইটো সকলোৱে জানে। এই জাতি মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজি গৈছিল কিন্তু পৰাজয় স্বীকাৰ কৰা নাছিল। এজন মানুহক ধ্বংস কৰিব পাৰিব কিন্তু পৰাস্ত কৰিব নোৱাৰে।’