NORTHEAST NOW (Assamese)

উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ পাঠ্যক্ৰমত শিক্ষা সংসদে ঘটালে পৰিৱৰ্তন, কি সেই পৰিৱৰ্তন?

August 27, 2020 3:00 pm · এন ই নাও নিউজ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ পাঠ্যক্ৰমত কেতবোৰ বিশেষ সালসলনি ঘটাইছে।

শিক্ষা সংসদে প্ৰেৰণ কৰা বিজ্ঞপ্তিত সেই পৰিৱৰ্তন সমূহৰ কথা উল্লেখ কৰা হৈছে।

বিজ্ঞপ্তিত প্ৰকাশ পোৱা অনুসৰি এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত বেংকিং নামৰ কোনো বিষয় নাথাকিব।

পূৰ্বৰ বেংকিং বিষয়টোক নতুনকৈ ‘ফাইনেন্স’ বুলি জনা যাব। একেদৰে কমাৰ্চিয়েল মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক বিষয়টোক নতুনকৈ বিজনেছ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক  হিচাবে নামকৰণ কৰা হৈছে।

বিজনেছ ষ্টেটিষ্টিক আৰু একাউন্টেন্সী বিষয় দুটাক মূল বিষয় হিচাবে গণ্য কৰা নহ’ব যদিও সকলো ছাত্ৰ-ছাত্ৰীয়ে এই দুয়োটা বিষয়ৰ পৰীক্ষাত বাধ্যতামূলক ভাবে অৱতীৰ্ণ হ’ব লাগিব

।লগতে এই দুয়োটা বিষয়তে ছাত্ৰ-ছাত্ৰী সকলে ন্যুনতম উত্তীৰ্ণৰ নম্বৰ পাব লাগিব।

তিনিটা ইলেক্টিভ বিষয়ৰ লগতে ক’ৰ ছাবজেক্ট ইংৰাজী,আধুনিক অসমীয়া ভাষা আৰু অল্টাৰনেটিভ ইংলিছৰ নম্বৰৰ ওপৰত ভিত্তি কৰি মূল ফলাফল ঘোষণা কৰা হ’ব।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে লগতে এই বুলি প্ৰকাশ কৰিছে যে পাঠ্যক্ৰমৰ এই পৰিৱৰ্তন সমূহ ২০২০-২১ শিক্ষা বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰাই কাৰ্যকৰী হ’ব।

ছাত্ৰ-ছাত্ৰী সকলে এই বিষয়ত অধিক তথ্যৰ বাবে শিক্ষাসংসদৰ ৱেবছাইট www.ahsec.nic.in ত ছাৰ্চ কৰিব পাৰিব।

Related News