দিল্লীৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে কৃত্ৰিম বুদ্ধিমত্তাই, কিদৰে কৰিলে সেয়া জানিলে আপুনিও হ’ব আচৰিত

আমাৰ জীৱনত ক্ৰমান্বয়ে ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিছে কৃত্ৰিম বুদ্ধিমত্তা বা AI ।  এইবাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত দিল্লিৰ এক ৰহস্যজনক হত্যাকাণ্ডৰ তদন্ত সম্পন্ন কৰিছে দিল্লী আৰক্ষীয়ে। 

কৃত্ৰিম বুদ্ধিমত্তাই মৃত ব্যক্তিক চিনাক্তকৰণৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত আৰক্ষীক সহায় কৰিছে। 

কিন্তু কেনেকৈ? এই হত্যাকাণ্ডৰ ৰহস্যৰ ‘হাই-টেক’ সমাধান কেনেকৈ আহিল, জানো আহক।

১০ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল এই ঘটনা। সেইদিনা পূৱ দিল্লীৰ গীতা কলনী উৰণীয়া সেতুৰ তলত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাত জানিব পৰা গৈছে যে তেওঁক ডিঙি চেপি হত্যা কৰা হৈছে। কিন্তু মৃতদেহটো চিনাক্ত কৰিব পৰা নাছিল দিল্লী আৰক্ষীয়ে। তেওঁৰ মুখখন ইমানেই বিকৃত হৈ পৰিছিল যে গতানুগতিক পদ্ধতিৰে তেওঁক সহজে চিনাক্ত কৰা সম্ভৱ নাছিল। 

লগতে মৃতদেহটোৰ ওচৰে পাজৰে কোনো চিনাক্তকৰণৰ উপাদান নাছিল। ফলত সেয়া কাৰ মৃতদেহ সেই উত্তৰ পোৱাটো আৰক্ষীৰ আাছিল এক ডাঙৰ প্ৰত্যাহ্বান।

অন্য কোনো বিকল্প নোহোৱাত দিল্লী আৰক্ষীয়ে গোচৰটো সমাধানৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা চিন্তা কৰিলে। আৰক্ষীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত মৃতকৰ মুখখন পুনৰ নিৰ্মাণ কৰি তেওঁক চিনাক্ত কৰিলে।

কৃত্ৰিম বুদ্ধিমত্তাৰে পুনৰ নিৰ্মাণ কৰা মৃত ব্যক্তিৰ ফটোৰে প্ৰায় ৫০০ পোষ্টাৰ তৈয়াৰ কৰিছিল আৰক্ষীয়ে। পোষ্টাৰসমূহত ভুক্তভোগীৰ মুখখন আছিল যদিও ডিজিটেলভাৱে মুখখন বেলেগ পটভূমিত ৰখা হৈছিল। তাৰ পিছত দিল্লী চহৰৰ বিভিন্ন বিশিষ্ট অঞ্চলত সেই পোষ্টাৰ লগোৱা হয়। 

তাৰ লগে লগে সেই পোষ্টাৰবোৰৰ ডিজিটেল সংস্কৰণ বিভিন্ন হোৱাটছএপ গ্ৰুপলৈ প্ৰেৰণ কৰা হয়।তেনেকৈয়ে সফলতা আহে। দিল্লীৰ এখন থানাৰ বাহিৰত পোষ্টাৰখন লগোৱা দেখি এজন ব্যক্তিয়ে আৰক্ষীক ফোন কৰে। তেওঁ কয় যে পোষ্টাৰখনত থকা ব্যক্তিজন তেওঁৰ ভাতৃ হিতেন্দ্ৰ। 

ইয়াৰ পিছত আৰক্ষীৰ কাম সহজ হৈ পৰিল। তদন্ত কৰি থাকোঁতে আৰক্ষীয়ে গম পালে যে হিতেন্দ্ৰৰ তিনিজন ব্যক্তিৰ সৈতে বিবাদ চলি আছিল। আৰু তাৰ পিছত সেই তিনিজন ব্যক্তিয়ে হিতেন্দ্ৰক ডিঙি চেপি হত্যা কৰিলে। লগতে প্ৰমাণ নষ্ট কৰিবলৈ হত্যাকাৰীয়ে সহায় লৈছিল এগৰাকী মহিলাৰ। এই নতুন তথ্যৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।