• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিল্লীৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে কৃত্ৰিম বুদ্ধিমত্তাই, কিদৰে কৰিলে সেয়া জানিলে আপুনিও হ’ব আচৰিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2024 5:39 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ জীৱনত ক্ৰমান্বয়ে ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিছে কৃত্ৰিম বুদ্ধিমত্তা বা AI ।  এইবাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত দিল্লিৰ এক ৰহস্যজনক হত্যাকাণ্ডৰ তদন্ত সম্পন্ন কৰিছে দিল্লী আৰক্ষীয়ে। 

কৃত্ৰিম বুদ্ধিমত্তাই মৃত ব্যক্তিক চিনাক্তকৰণৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত আৰক্ষীক সহায় কৰিছে। 

Apply Now

কিন্তু কেনেকৈ? এই হত্যাকাণ্ডৰ ৰহস্যৰ ‘হাই-টেক’ সমাধান কেনেকৈ আহিল, জানো আহক।

১০ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল এই ঘটনা। সেইদিনা পূৱ দিল্লীৰ গীতা কলনী উৰণীয়া সেতুৰ তলত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাত জানিব পৰা গৈছে যে তেওঁক ডিঙি চেপি হত্যা কৰা হৈছে। কিন্তু মৃতদেহটো চিনাক্ত কৰিব পৰা নাছিল দিল্লী আৰক্ষীয়ে। তেওঁৰ মুখখন ইমানেই বিকৃত হৈ পৰিছিল যে গতানুগতিক পদ্ধতিৰে তেওঁক সহজে চিনাক্ত কৰা সম্ভৱ নাছিল। 

লগতে মৃতদেহটোৰ ওচৰে পাজৰে কোনো চিনাক্তকৰণৰ উপাদান নাছিল। ফলত সেয়া কাৰ মৃতদেহ সেই উত্তৰ পোৱাটো আৰক্ষীৰ আাছিল এক ডাঙৰ প্ৰত্যাহ্বান।

অন্য কোনো বিকল্প নোহোৱাত দিল্লী আৰক্ষীয়ে গোচৰটো সমাধানৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা চিন্তা কৰিলে। আৰক্ষীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত মৃতকৰ মুখখন পুনৰ নিৰ্মাণ কৰি তেওঁক চিনাক্ত কৰিলে।

কৃত্ৰিম বুদ্ধিমত্তাৰে পুনৰ নিৰ্মাণ কৰা মৃত ব্যক্তিৰ ফটোৰে প্ৰায় ৫০০ পোষ্টাৰ তৈয়াৰ কৰিছিল আৰক্ষীয়ে। পোষ্টাৰসমূহত ভুক্তভোগীৰ মুখখন আছিল যদিও ডিজিটেলভাৱে মুখখন বেলেগ পটভূমিত ৰখা হৈছিল। তাৰ পিছত দিল্লী চহৰৰ বিভিন্ন বিশিষ্ট অঞ্চলত সেই পোষ্টাৰ লগোৱা হয়। 

তাৰ লগে লগে সেই পোষ্টাৰবোৰৰ ডিজিটেল সংস্কৰণ বিভিন্ন হোৱাটছএপ গ্ৰুপলৈ প্ৰেৰণ কৰা হয়।তেনেকৈয়ে সফলতা আহে। দিল্লীৰ এখন থানাৰ বাহিৰত পোষ্টাৰখন লগোৱা দেখি এজন ব্যক্তিয়ে আৰক্ষীক ফোন কৰে। তেওঁ কয় যে পোষ্টাৰখনত থকা ব্যক্তিজন তেওঁৰ ভাতৃ হিতেন্দ্ৰ। 

ইয়াৰ পিছত আৰক্ষীৰ কাম সহজ হৈ পৰিল। তদন্ত কৰি থাকোঁতে আৰক্ষীয়ে গম পালে যে হিতেন্দ্ৰৰ তিনিজন ব্যক্তিৰ সৈতে বিবাদ চলি আছিল। আৰু তাৰ পিছত সেই তিনিজন ব্যক্তিয়ে হিতেন্দ্ৰক ডিঙি চেপি হত্যা কৰিলে। লগতে প্ৰমাণ নষ্ট কৰিবলৈ হত্যাকাৰীয়ে সহায় লৈছিল এগৰাকী মহিলাৰ। এই নতুন তথ্যৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd