এদিনতে সিদ্ধান্ত সলনি কংগ্ৰেছৰ : গৌৰৱ গগৈক আঁতৰালে ত্ৰিপুৰাৰ তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা

Gaurav-Gogoi-750x375

কংগ্ৰেছে অসমৰ সাংসদ গৌৰৱ গগৈক ত্ৰিপুৰা আৰু মণিপুৰৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিয়াৰ এদিনৰ পিছতে এই সিদ্ধান্ত সলনি কৰিছে।

আজি পুনৰ ঘোষিত সিদ্ধান্ত মতে, ত্ৰিপুৰাৰ দায়িত্বত পূৰ্বে থকা লুইজিনহো ফালেৰিঅ’ক তেওঁৰ পদত বাহাল ৰাখিছে, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এটা প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ।

৭ অক্টোবৰত ত্ৰিপুৰা আৰু মণিপুৰৰ দায়িত্বত বহুওৱা সাংসদ গগৈক আজিৰ নতুন ঘোষণাটোৰ দ্বাৰা ছিক্কিম আৰু মণিপুৰৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া হয়।

কংগ্ৰেছ অধ্যক্ষৰ দ্বাৰা জাৰি হোৱা বিবৃতিটোত কোৱা হৈছে যে মণিপুৰ আৰু ছিক্কিমক বাদ দি উত্তৰ-পূবৰ আন আটাইকেইখন ৰাজ্যৰ তত্ত্বাৱধায়ক হ’ব লুইজিনহো ফালেৰিঅ’।

গগৈয়ে নতুনকৈ মণিপুৰ আৰু ছিক্কিমৰ তত্ত্বাৱধায়কৰ দায়িত্ব পোৱাৰ উপৰি বৰ্তমান দায়িত্ব লৈ থকা পশ্চিম বংগ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰো দায়িত্বত কাৰ্য্যনিৰ্বাহ কৰি যাব।

উল্লেখ কৰিব পাৰি যে তত্ত্বাৱধায়ক লুইজিনহো ফালেৰিঅ’ৰ সৈতে হোৱা মতানৈক্যৰ বাবেই ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ পৰা অলপতে অব্যাহতি লৈছিল প্ৰদ্যোত মাণিক্য দেৱবৰ্মনে।