NORTHEAST NOW (Assamese)

আছাম ষ্টেট আউটছ’ৰ্চ পাৱাৰ ৱৰকাৰ্ছ ইউনিয়নৰ ৭২ ঘন্টীয়া ধৰ্মঘটলৈ AICCTU ৰ পূর্ণ সমৰ্থন

February 19, 2025 6:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 19, 2025 4:44 pm

AICCTU ৰ অসম ৰাজ্যিক সমিতিয়ে আছাম ষ্টেট আউটছ’ৰ্চ পাৱাৰ ৱাৰ্কাৰ্ছ ইউনিয়নে অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ চচলত অনষ্ঠিত কৰিব লগা ৭২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীলৈ পূর্ণ সমৰ্থন আগবঢ়াইছে।

কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ইউনিয়নৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি বীৰেন কলিতা আৰু সম্পাদক বলিন্দ্ৰ শইকীয়াই কয় যে, ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ শক্তিখণ্ডত সেৱা আগবঢ়াই অহা ফিক্সড্ পে’ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পুৰণৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নাই।

শ্ৰমিক সকলে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা, সম মজুৰি প্ৰদান, দৈনিক মজুৰি বাতিল কৰা, অস্থায়ী শ্রমিক সকলক স্থায়ী নকৰা পৰ্যন্ত প্ৰত্যক্ষ নিযুক্তি বাতিল কৰাৰ যি দাবী জনায় আহিছে তাৰ কোনো সদুত্তৰ পোৱা নাই। খোদ মুখ্যমন্ত্রীৰ লগত এই দাবী সম্পর্কে আলোচনা অনুষ্ঠিত হৈছিল যদিও তেনে আলোচনাৰো কোনো ফলাফল শ্রমিক সকলে লাভ কৰা নাই।

AICCTU য়ে বিদুৎ খণ্ডৰ এই শ্রমিক সকলৰ নায্য দাবী সমূহ অতি শীঘ্রে পুৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে আৰু এই দাবীৰ সমৰ্থনত হব লগা ৭২ ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচীলৈ পূর্ণ সমৰ্থন আগবঢ়াইছে।

Related News