• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কুম্ভ মেলাত চলিছে কি? টেলিগ্ৰামত হাজাৰ হাজাৰ টকাত বিক্ৰী হৈছে স্নানৰত মহিলাৰ গোপন ফটো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2025 6:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকুম্ভত পবিত্ৰ স্নান কৰিবলৈ গৈছে নেকি? যদি গৈছে তেন্তে বৰ সাৱধানে গা ধুব লাগিব আপুনি! কাৰণ কোনো দুষ্ট পক্ষই সেই গা ধোৱাৰ গোপনে ভিডিঅ’ ৰেকৰ্ড কৰি ছ’চিয়েল মিডিয়া আৰু টেলিগ্ৰামত বিক্ৰী কৰিবও পাৰে!বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ মহাকুম্ভত এনেধৰণৰ লেতেৰা ব্যৱসায়ৰ জাল বিয়পি পৰিছে।

প্ৰতি বছৰে এই পবিত্ৰ মেলা উপলক্ষে গংগাত ডুব যাবলৈ প্ৰয়াগৰাজলৈ লাখ লাখ লোকৰ ভিৰ হয়। এই পবিত্ৰ স্নানক হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ অনুষ্ঠান বুলি গণ্য কৰা হয়। বিশ্বাস মতে এই সময়ত গংগাত স্নান কৰিলে পাপ ধুই যায় আৰু মুক্তি লাভ কৰিব পাৰি।

Apply Now

কিন্তু শেহতীয়াকৈ এক তদন্তমূলক প্ৰতিবেদনত এটা ভয়ংকৰ সত্য উন্মোচিত হৈছে। মহাকুম্ভৰ পবিত্ৰ মুহূৰ্তবোৰ গোপনে কেমেৰাত বন্দী কৰি টেলিগ্ৰামৰ দৰে প্লেটফৰ্মত বিক্ৰী কৰা হৈছে। মহিলাসকলে গংগাত গা ধুই থকাৰ সময়ত তেওঁলোকৰ অজ্ঞাতে কোনোবাই গোপনে সেই দৃশ্যটোৰ চিত্ৰগ্ৰহণ কৰি ইণ্টাৰনেটত বিয়পাইছে।

এই ভিডিঅ’সমূহ মূলতঃ ফেচবুক, ইউটিউব, আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে, য’ত কেপচনত লিখা আছে – ‘মহাকুম্ভ গংগাস্নান প্ৰয়াগৰাজ’। #mahakumbh2025, #gangasnan, #prayagrajkumbh আদি জনপ্ৰিয় হেচটেগবোৰো বহু পোষ্টত ব্যৱহাৰ কৰা হৈছে, যাতে অধিক মানুহৰ মাজলৈ যায়।

ছ’চিয়েল মিডিয়াত এই পোষ্টবোৰ কেৱল কৌতুহল জগাই তোলাৰ বাবে, আচল উদ্দেশ্য হ’ল এই পোষ্টবোৰ চাই উত্তেজিত হোৱা মানুহক টেলিগ্ৰামলৈ লৈ যোৱা। তাত তেওঁলোকক অধিক ব্যক্তিগত আৰু আপত্তিজনক ভিডিঅ’ৰ চাবলৈ নিৰ্দিষ্ট পৰিমাণৰ ধন দিবলৈও কোৱা হৈছে।

ভাৰতীয় চাইবাৰ সুৰক্ষা বিশ্লেষকৰ তদন্তত প্ৰকাশ পাইছে যে কিছুমান টেলিগ্ৰাম চেনেলত মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ গোপন ভিডিঅ’ বিক্ৰী কৰা হৈছে। ইয়াৰে কিছুমান চেনেলৰ নাম ‘গংগা নদীৰ মুকলি গা ধোৱা গোট’, ‘লুকাই থকা গা ধোৱাৰ ভিডিঅ’ গোট’ আৰু ‘মুকলি গা ধোৱাৰ ভিডিঅ’ গোট’।

এই চেনেলসমূহৰ সদস্যৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু মহিলাসকলে কাপোৰ সলনি কৰা গোপন দৃশ্য, গা ধুওঁতে লোৱা ভিডিঅ’, আৰু বিভিন্ন আপত্তিজনক ফুটেজ শ্বেয়াৰ কৰে। কিছুমান ক্ষেত্ৰত চিচিটিভিৰ ফুটেজ আনকি ফাদিল হৈছে, য’ত মহিলাসকলক কাপোৰ খুলি নোলোৱাকৈ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰা, বা ইচিজিৰ দৰে পৰীক্ষা কৰা দেখা গৈছে।

এই টেলিগ্ৰাম চেনেলসমূহত যোগদান কৰিবলৈ হ’লে নিৰ্দিষ্ট পৰিমাণৰ ধন দিব লাগিব। তদন্তত দেখা গৈছে যে এই চেনেলসমূহত যোগদান কৰিবলৈ ৩ হাজাৰ টকা পৰ্যন্ত মাচুল লোৱা হৈছে। সেই ধন দিলেহে তেওঁলোকে তাত থকা বিভিন্ন গোপন ভিডিঅ’বোৰ আনৰ লগত চাব, ডাউনলোড কৰিব বা শ্বেয়াৰ কৰিব পাৰিব।

সাধাৰণতে মহাকুম্ভৰ দৰে বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ সময়ত প্ৰশাসনে নিৰাপত্তাৰ বাবে বৃহৎ সংখ্যক আৰক্ষী আৰু চোৱাচিতা কেমেৰা নিয়োগ কৰে। তথাপিও প্ৰশ্ন উত্থাপন হৈছে যে এনে ভিডিঅ’ কেনেকৈ ৰেকৰ্ডিং কৰা হৈছে আৰু ইণ্টাৰনেটত কেনেকৈ প্ৰচাৰ কৰা হৈছে। বহুতে এই গেঙৰ মূল নেতাসকলক বিচাৰি উলিয়াই কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd