মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল

চৰকাৰৰ শিক্ষা বিভাগৰ গাফলতি তথা অমনোযোগিতাৰ বাবে অল ইণ্ডিয়া কাউন্সিল ফৰ এডুকেশ্যনে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিছে। উল্লেখযোগ্য যে মহাবিদ্যালয়খন যোৱা ৫ ফেব্ৰুৱাৰীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল।

প্ৰাপ্ত তথ্য মতে এ আই চি টি ই (AICTE)য়ে মহাবিদ্যালয় কৰ্তৃপক্ষক ২৮ ফেব্ৰুৱাৰীত কলকাতালৈ মাতি নি তথ্যপাতি লৈছিল। আৰু ৪ মাৰ্চত এটা বিশেষজ্ঞৰ দল আহি মহাবিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিল। ইয়াৰ পিছতে মঙলবাৰে এ আই চি টি ইয়ে এক বিভাগীয় পত্ৰ যোগে মহাবিদ্যালয়খনৰ স্বীকৃতি বাতিলৰ কথা জনায়।

মহাবিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক-শিক্ষয়িত্ৰী, স্থায়ী অধ্যক্ষ তথা সা-সুবিধা নথকাৰ বাবেই এ আই চি টি ইয়ে মহাবিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে এই খবৰে অনিশ্চয়তাত ভোগাইছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক। মহাবিদ্যালয়খন যদিও মুখ্য মন্ত্ৰীয়ে ফেব্ৰুৱাৰীত উদ্বোধন কৰিছিল। কিন্তু মহাবিদ্যালয়খনত ২০১৮ চনৰ আগষ্ট মাহৰ পৰাই ক্লাছ আৰম্ভ হৈছিল। গতিকে এতিয়া উক্ত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক জীৱন অন্ধকাৰৰ দিশলৈ গতি কৰাত তেওঁলোক চিন্তিত হৈ পৰিছে।