জি আই পি এছত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ দ্বাৰা প্ৰায়োজিত ৫ দিনীয়া “শিক্ষক বিকাশ আৰু শিকণ” আলোচনা চক্ৰৰ সফল সামৰণি

WhatsApp Image 2021-11-02 at 2.01.18 PM

উত্তৰ-পূৰ্বাঞ্চলৰ ফাৰ্মাচি শিক্ষাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠান চৌহদত যোৱা ২৫ অক্টোবৰ তাৰিখৰ পৰা ২৯অক্টোবৰলৈ “Leadership nd Excellence in work place” শীৰ্ষক এখনি ৫ দিনীয়া “শিক্ষক বিকাশ আৰু শিকণ” আলোচনা চক্ৰৰ সফল সামৰণি পৰে। 

সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ(AICTE)ৰ দ্বাৰা প্ৰায়োজিত তথা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠানখনিৰ দ্বাৰা আয়োজিত অনলাইন আলোচনা চক্ৰখনিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ হিচাপে শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি শ্ৰীযুত ৰাতুল দাস, প্ৰতিষ্ঠানখনিৰ অধ্যক্ষ ডঃগৌৰাংগ দাস, শিক্ষক-বিকাশ অনুষ্ঠানটিৰ সমন্বয়ক তথা প্ৰতিষ্ঠানটিৰ প্ৰাধ্যাপক ডঃ দীপাংকৰ সাহা ডাঙৰীয়াই অংশগ্ৰহণকাৰী সকলক উদ্দেশ্যি আদৰণি সম্ভাষণ আগবঢ়ায়।

সৰ্বমুঠ ১৪ খন কাৰিকৰী বৈঠক অনুষ্ঠিত হোৱা অনুষ্ঠানটিত মুখ্য বক্তাৰূপে বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: এচ. কে. ঘোষ, অসম তথা উত্তৰ-পূব ভাৰতৰ শ্লেট আয়োগৰ সদস্য সম্পাদক ড: মুকুলেশ বৰুৱা, এমকিয়োৰ প্ৰাইভেট লিমিটেডৰ সাধাৰণ প্ৰবন্ধক ড: বিন্নু সিং দেৱৰ লগতে দেশৰ  আগশাৰীৰ ভিন্ন প্ৰতিষ্ঠানৰ ১১ জনকৈ সমল ব্যক্তিয়ে।

সৰ্বভাৰতীয় পৰ্যায়ৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলে অংশগ্ৰহণ কৰা আলোচনা চক্ৰখনিৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে অংশগ্ৰহণকাৰীসকলৰ মাজত এটি মূল্যাংকন পৰীক্ষাৰো আয়োজন কৰা হয়।

ইয়াৰ পিছতেই সমন্বয়ক তথা প্ৰতিষ্ঠানখনিৰ প্ৰাধ্যাপক ড: দীপাংকৰ সাহা দেৱে সকলোকে উদ্দেশ্য শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে নিমন্ত্ৰিত অতিথি বক্তাসকলক প্ৰতিষ্ঠানখনিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।