দুখন মেচৰ পৰা নিলম্বিত হ’ল নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিৰ ডিফেণ্ডাৰ কাই হিৰিংছ

ISL-750x375

যোৱা ১ নৱেম্বৰত গোৱা আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ মাজত অনুষ্ঠিত মেচখনৰ দৃশ্য।

অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ অনুশাসনমূলক কমিটিয়ে দেওবাৰে এফ চি গোৱাৰ দুগৰাকী আৰু নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিৰ এজন ফুটবলাৰক নিলম্বন কৰিছে।

নিলম্বিত ফুটবলাৰ কেইগৰাকী হ’ল গোৱাৰ চেইমিনলেন দংগেল আৰু হিউগো ব’মছ আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ ডিফেণ্ডাৰ কাই হিৰিংছ।

উল্লেখ্য যে, যোৱা ১ নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চলিত হিৰ’ আই এছ এলৰ নৰ্থ-ইষ্ট য়ুনাইটেড আৰু এফ চি গোৱাৰ মাজত অনুষ্ঠিত এখন মেচত অসৎ আচৰণ কৰাৰ অভিযোগত ফুটবলাৰ তিনিগৰাকীক নিলম্বন কৰে।

মেচখনত ৰঙা কাৰ্ড পোৱা গোৱাৰ চেইমিনলেন দংগেলক তিনিখন, হিউগো ব’মছ আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ কাই হিৰিংছক দুখন মেচৰ বাবে নিলম্বিত কৰিছে।

নৰ্থ-ইষ্টৰ ডিফেণ্ডাৰ গৰাকীয়ে মুম্বাই চিটি এফ চি আৰু জামছেদপুৰ এফ চিৰ বিৰুদ্ধে হ’বলগীয়া খেলত অংশ ল’ব নোৱাৰিব। অহা ৭ ডিচেম্বৰত হ’বলগীয়া কলকাতাৰ বিৰুদ্ধেহে তেওঁ খেলপথাৰত নামিব পাৰিব।