NORTHEAST NOW (Assamese)

শীত আৰু বায়ু প্ৰদূষণৰ বাবে বৃদ্ধি পাব পাৰে কৰ’নাৰ সংক্ৰমণ: এইমছৰ সঞ্চালক ডাঃ গুলেৰিয়া

October 23, 2020 7:37 am · এন ই নাও নিউজ
Updated: October 23, 2020 7:38 am
ডাঃ ৰণদীপ গুলেৰিয়া।

শীত আৰু বায়ু প্ৰদূষণৰ বাবে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে।এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই বৃহস্পতিবাৰে এই আশংকা ব্যক্ত কৰিছে।

তেওঁ জানিবলৈ দিয়ে যে ইটালী আৰু চীনৰ গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।

তেওঁ লগতে কয়,’’ছোৱাইন ফ্লুৰ প্ৰকোপ যিদৰে শীতকালত বৃদ্ধি পায়, তেনেদৰে কোভিড-১৯ৰ সংক্ৰমণৰ ক্ষেত্ৰতো তেনে ঘটনা ঘটিব পাৰে। তদুপৰি, ইয়াৰ লগত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ ফলতো সংক্ৰমণ বৃদ্ধিৰ আশংকা আছে।‘’

আইচিএমআৰৰ মতে প্লাজমা থেৰাপিয়ে কৰ’নাত মৃত্যুৰ হাৰ হ্ৰাস নকৰা প্ৰসংগত ডাঃ গুলেৰিয়াই কয়,’’ আইচিএমআৰৰ গৱেষণাত দেখা গৈছে যে এনেকুৱা বহু ৰোগীক প্লাজমা দিয়া হৈছে যাৰ শৰীৰত পূৰ্বৰে পৰাই এন্টিবডী আছে। যদি কাৰো শৰীৰত এয়া আছেই, তেতিয়াহ’লে বাহিৰৰ পৰা পুনৰ সেই শৰীৰত প্ৰয়োগ কৰি বৰ বেছি লাভ নহ’ব। অৱশ্যে, এই বিষয়ত আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে।‘’

ডাঃ গুলেৰিয়াই ইয়াৰ পূৰ্বেও জানিবলৈ দিছিল যে ৩০শতাংশ লোকৰ শৰীৰত এন্টিবডী পোৱা গৈছে।

তেওঁ গোষ্ঠী সংক্ৰমণ হোৱা বুলি উল্লেখ কৰি কয় যে মানুহে এই মহামাৰীৰ সময়ত মাস্ক পৰিধান কৰি হাত ধূই তথা সামাজিক দূৰত্ব মানি চলিলেই সংক্ৰমণ বহুখিনি ৰোধ কৰিব পৰা যাব।

Related News