অসম চৰকাৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক ভৱপ্ৰসাদ চলিহা আৰু প্ৰসিদ্ধ নৃত্য শিল্পী জয়ন্ত কস্তুৱাৰলৈ ২০২০ বৰ্ষৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াইছে।
প্ৰতি তিনি বছৰৰ ব্যৱধানত প্ৰদান কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটা বৃহস্পতিবাৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে এই ঘোষণা কৰে।
অহা বছৰৰ জানুৱাৰি মাহৰ ভিতৰত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানৰ মাজেৰে বিশিষ্ট শিক্ষাবিদ আৰু নৃত্যশিল্পীদ্বয়লৈ এই বঁটা আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব৷
এই বঁঁটাৰ সৈতে নগদ ৫ লাখ টকাৰ উপৰি এটি সোণৰ পদক আৰু প্রশস্তি-পত্র প্রদান কৰা হ’ব৷
প্ৰণিধানযোগ্য যে ১৯৩৪ চনৰ ২০ আগষ্টত ডিব্রুগড় জিলাৰ নাহৰকটীয়াত জন্মগ্রহণ কৰা শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক ভৱপ্রসাদ চলিহাই এইপর্যন্ত অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্রন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে।
আনহাতে এইপর্যন্ত তেওঁৰ তিনি শতাধিক প্রবন্ধ বিভিন্ন কাকত, আলোচনীত প্রকাশ পাইছে৷ তেওঁৰ প্রকাশিত গ্রন্থৰ ভিতৰত শংকৰী সংস্কৃতিৰ অধ্যয়ন, শংকৰী সাহিত্যৰ সমীক্ষা, মাধৱদেৱৰ সাহিত্য, মাধৱদেৱ অধ্যয়নৰ ভূমিকা, মহাপুৰুষীয়া ধর্ম, ৰুক্মিণী হৰণ নাট ইত্যাদি অন্যতম।
ইফালে অসমৰ সত্রীয়া নৃত্যই শাস্ত্রীয় নৃত্যৰ মর্যাদা লাভ কৰাৰ ক্ষেত্রত সংগীত নাটক অকাদেমিৰ প্রাক্তন সচিব আৰু মুখ্য কার্যবাহী বিষয়া হিচাপে দায়িত্বত থকা জয়ন্ত কস্তুৱাৰৰ ভূমিকা অপৰিসীম।
উল্লেখ্য যে অসম চৰকাৰে ১৯৮৬ চনৰ পৰা প্ৰতি বছৰে এই বঁটা আগবঢ়াই আহিছিল যদিও ২০০৮ বৰ্ষৰ পৰা প্ৰতি তিনিবছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰি আহিছে।