লকডাউনত বৰ বেছি লাভ হোৱা নাই; আৰু বেয়া দিন আহি আছে: এইমছৰ সঞ্চালক ডাঃ গুলেৰিয়া

554115-randeep new

এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া।

লকডাউন উঠাই দি আনলক-১আৰম্ভ কৰাৰ পাছৰে পৰা দেশত কোভিড-১৯ সংক্ৰমণৰ ঘটনা দিনক দিনে ব্যাপক ৰূপত বৃদ্ধি পাবলৈ লৈছে।

প্ৰতিদিনেই প্ৰায় দহ হাজাৰৰ ওচৰা ওচৰি কোভিড-১৯ পজিটিভ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিবলৈ লৈছে।

আনহাতে, দেশত মৃত্যুৰ সংখ্যাও প্ৰায় সাত হাজাৰ স্পৰ্শ কৰিছে।

কিন্তু ইয়াতেই শেষ নহয়, ভাৰতৰ বাবে ইয়াতকৈয়ো বেয়া সময় আহি আছে।

এইদৰে নিজৰ আশংকা প্ৰকাশ কৰিছে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই।

তেওঁ ভাৰতৰ জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত আৰু ক্ষিপ্ৰভাৱে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত গুলেৰিয়াই কয়,’’প্ৰকৃততে, ভাৰতত আটাইতকৈ বেয়া সময় এতিয়াও অহা নাই। পিচে, সংক্ৰমণৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে। সেয়া প্ৰত্যাশিতই আছিল। কিয়নো ভাৰতৰ বৃহৎ জনাধিক্যলৈ চাই ইয়াক য়ুৰোপৰ দেশসমূহৰ সৈতে তুলনা কৰা উচিত নহ’ব। য়ুৰোপৰ দুই-তিনিখন দেশৰ সন্মিলিত জনসংখ্যাতকৈ অধিক ভাৰতৰ জনসংখ্যা।‘’

গুলেৰিয়াই অৱশ্যে আঙুলিয়াই দিয়ে যে সংক্ৰমণৰ হাৰ বৃদ্ধি পালেও ভাৰতত মৃত্যুৰ হাৰ য়ুৰোপৰ দেশসমূহৰ তুলনাত বহুত কম।

ডাঃ গুলেৰিয়াই লগতে কয় যে লকডাউন ব্যৰ্থ হোৱা নাই যদিও ইয়াৰ ফলত বৰ বেছি লাভো হোৱা নাই।

তেওঁ কয় যে মানুহে লকডাউন ইমান গুৰুত্বসহকাৰে পালন কৰা নাই যাৰ বাবে লকডাউনৰ পাছতো সংক্ৰমণৰ সংখ্যা হ্ৰাস পোৱা নাই।

এইমছৰ সঞ্চালকগৰাকীয়ে আশংকা ব্যক্ত কৰিছে যে ভাৰতৰ কমেও ১০-১২খন চহৰত গোষ্ঠী সংক্ৰমণ আৰম্ভ হৈছে। এই প্ৰসংগত তেওঁ মুম্বাই, দিল্লীৰ দৰে চহৰৰ কথা উল্লেখ কৰে।

ডাঃ গুলেৰিয়াই এই সন্দৰ্ভত সজাগতাৰ কোনো বিকল্প নাই বুলিও দোহাৰে।