NORTHEAST NOW (Assamese)

অক্সিজেন লেভেল ৯২ হ’লেই কৰ’না ৰোগীৰ অৱস্থা সংকটজনক নহয়; কি ক’লে এইমছৰ সঞ্চালকে?

May 7, 2021 10:52 am · এন ই নাও নিউজ
এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া।

বিশ্ব স্বাস্থ্য সংস্থাৰ কোভিড প্ৰটকল অনুসৰি কৰ’না আক্ৰান্ত ৰোগীৰ অক্সিজেন লেভেল ৯৪ বা তাৰ তললৈ নামি গ’লেই অৱস্থা সংকটজনক বুলি ধৰা হয়। তেতিয়া প্ৰয়োজন অনুসৰি ৰোগীক হাস্পাতলত ভৰ্তি কৰিবলগীয়া হ’ব পাৰে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰ্যালয় শেহতীয়া নিৰ্দেশনা অনুসৰিও শ্বাস লওতে বতাহৰ মাত্ৰা ৯৩ পালেই আক্ৰান্ত ওৰগীগৰাকী যিকোনো সময়ত সংকটজন অৱস্থালৈ গুচি যাব পাৰে।

এইবাৰ এই বিষয়ত নতুন এক মত ব্যক্ত কৰিছে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই। তেওঁৰ মতে শৰীৰত অক্সিজেনৰ লেভেল ৯২বা ৯৩ হ’লেই ৰোগী ‘সংকটজনক’ বুলি ভৱাটো সঠিক নহয়।

এটা নিৰ্দিষ্ট লেভেলৰ তললৈ অক্সিজেন নামি গ’লেহে তেতিয়া চিন্তা কৰা উচিত, তাৰ আগেয়ে নহয়। দেশত সংক্ৰমণ তীব্ৰ হাৰত বৃদ্ধি পোৱাৰ গে লগে অক্সিজেন চিলিণ্ডাৰৰ অভাৱে দেখা দিছে। কৰ’নাৰ সামগ্ৰিক মোকাবিলাৰ ক্ষেত্ৰত ই এক প্ৰত্যাহ্বান হৈ পৰিছে।

ডাঃ গুলেৰিয়াই কয়, ‘’অক্সিজেন চিলিণ্ডাৰৰ অপব্যৱহাৰটো এটা ডাঙৰ সমস্যা। একাংশ লোকে অযথা শংকিত হৈ আগেভাগে ঘৰত চিলিণ্ডাৰ মজুত কৰি ৰাখিছে। এইটো উচিত নহয়। যদি অক্সিজেন লেভেল ৯৪ বা তাতকৈ বেছি থাকে তেনেহ’লে জানিব এইটো কোনো হ্ৰাসেই নহয়। এনেয়ে উদ্বিগ্ন নহ’ব। এনেদৰে চিলিণ্ডাৰ বন্ধ কৰি ৰাখিলে যিসকলৰ অক্সিজেন ছাপোৰ্টৰ প্ৰয়োজন তেওঁলোক বঞ্চিত হ’ব।‘’

গুলেৰিয়াই লগতে জানিবলৈ দিয়ে যে অক্সিজেনৰ লেভেল কিমান তললৈ নামিলে চিন্তাৰ কাৰণ হ’ব পাৰে।

তেওঁ কয়, ‘’কোভিড অহাৰ পূৰ্বেও আমি হাওঁফাঁওৰ সংক্ৰমণ লৈ হাস্পাতালত ভৰ্তি হোৱা ৰোগীসকলক অক্সিজেন থেৰাপি কৰিছিলো। তেতিয়া দেখা গৈছিল ছেছ্যুৰেশ্যন লেভেল ৮৮লৈ নামি গ’লেও তেওঁলোক সুস্থই আছে। সেয়ে, এতিয়া সেই লেভেল ৯২ বা ৯৩লৈ নামিলে চিন্তাৰ কোনো কাৰণ নাই। কিন্তু এইটোৱে নিৰ্দিষ্ট লেভেল। ইয়াৰ তললৈ নামিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব।‘’

কৰ’না পৰিস্থিতিৰ মাজত মেডিকেল অক্সিজেনৰ কাৰ্যকাৰিতাৰ বিষয়টো সন্দৰ্ভত মতামত ৰাখিছিল এইমছৰ মুৰব্বীগৰাকীয়ে।

তেওঁৰ মতে কৰ’না ভাইৰাছে আক্ৰান্ত ৰোগীৰ হাওঁফাঁওত আঘাত কৰে। সেয়ে শ্বাস-প্ৰশ্বাসত কষ্ট হয়। তেতিয়াই অক্সিজেন থেৰাপিৰ জৰিয়তে ইয়াক ছাপোৰ্ট দিয়া হয়।

Related News