বিদ্ৰুপাত্মক বিজ্ঞাপনেৰে নাৰী অপমান বিজেপিৰঃ নিৰ্বাচন আয়োগৰ কাষ চাপিল মহিলা সংগঠন

BJP ad

আগন্তুক লোকসভা নিৰ্বাচনত মহিলাৰ ভোটক অগ্ৰাধিকাৰ দিবলৈ বিজেপি নেতাসকলে বাৰে বাৰে শুনাইছে নাৰী সবলীকৰণৰ গীত। কিন্তু বাস্তৱত বিজেপিৰ বিৰুদ্ধে সেই মহিলাসকলক অপমান কৰাৰহে অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ বিৰোধী মিত্ৰজোঁট INDIAৰ বিৰুদ্ধে বিজেপিয়ে এটা বিজ্ঞাপনৰ ভিডিঅ’ প্ৰকাশ কৰিছে। উক্ত ভিডিঅ’টোত প্ৰণয় প্ৰাৰ্থীৰ উদাহৰণেৰে বিৰোধী মিত্ৰজোঁটক কটাক্ষ কৰিছিল বিজেপিয়ে। পিছে এই ভিডিঅ’টোৰ জৰিয়তে মহিলাসকলক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে।

অল ইণ্ডিয়া প্ৰগ্ৰেছিভ ৱ’মেনছ এছ’চিয়েচনে দেওবাৰে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰে। মহিলা সংগঠনটোৰ অভিযোগ, বিজেপিৰ উক্ত বিজ্ঞাপনটো অত্যন্ত দুৰ্বল ৰুচিৰ।  আয়োগে এই ভিডিঅ’টোৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সংগঠনটোৱে উল্লেখ কৰিছে।

মহিলাক অপমান কৰা এই বিজ্ঞাপনটো বিজেপিয়ে শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰা হৈছে। তদুপৰি এই ঘটনাৰ বাবে বিজেপিয়ে দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা খুজিব লাগে লাগে বুলিও দাবী উঠিছে।

সংগঠনটোৱে  লগতে এনে অপপ্ৰচাৰ বন্ধ কৰিবলৈ মহিলাসকলক একত্ৰিত হ’বলৈ আহ্বান জনাইছে। তেওঁলোকে দাবী কৰে যে এই বিজ্ঞাপনত নাৰী শক্তিৰ কথা কোৱা সত্ত্বেও বিজেপি কিমান নাৰীবিদ্বেষী সেয়া স্পষ্ট হৈ পৰিছে।

অৱশ্যে কেৱল অল ইণ্ডিয়া প্ৰগ্ৰেছিভ ৱ’মেনছ এছ’চিয়েচনেই নহয়, দেশৰ বিৰোধী শিবিৰেও এই বিজ্ঞাপনটো সন্দৰ্ভত সমালোচনাত মুখৰ হৈ পৰিছে। কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে কয়, “বিবাহ এক পবিত্ৰ প্ৰথা। বিশ্বাসৰ ওপৰত নিৰ্মিত সম্পৰ্ক।”

এটা অশ্লীল বিজ্ঞাপনেৰে বিজেপিয়ে নিজৰ ৰক্ষণশীল মানসিকতা পুনৰবাৰ প্ৰমাণ কৰিলে বুলি উল্লেখ কৰি শ্ৰীনাথে লগতে কয় যে বিজেপিয়ে কেৱল লেহেংগা পিন্ধা, পত্নীৰ সাজ-পোছাক পৰিধান কৰি দৰাৰ হৃদয় জয় কৰাই এগৰাকী মহিলাৰ কাম বুলি ভাৱে।

গণতন্ত্ৰত দৰা বিচৰা আৰু নিজৰ প্ৰতিনিধি বিচৰাটো একে কথা যে নহয়, সেয়া বিজেপিয়ে বুজি নাপায় বুলিও কংগ্ৰেছ নেত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনা কৰে । শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়েও এই বিজ্ঞাপনটোৰে বিজেপিৰ নাৰীক কেনেদৰে চায়, সেয়া স্পষ্টকৈ দেখুৱাইছে বুলি মন্তব্য কৰে।