NORTHEAST NOW (Assamese)

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

May 30, 2025 8:59 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহত ভ্ৰমণ কৰি ‘অপাৰেচন সিন্দুৰ’ৰ সফলতাক তুলি ধৰিছে। বিশ্ব ভ্ৰমণলৈ গৈছে সাংসদসকল। বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছকে ধৰি সকলো দলে সেনাবাহিনীক অভিনন্দন জনোৱাৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। এনে পৰিবেশৰ মাজতে বায়ুসেনাৰ মুৰব্বী অমৰপ্ৰীত সিঙে অন্য কথা কৈছে। দেশৰ উদ্যোগ আৰু বাণিজ্যৰ শীৰ্ষ সংস্থা কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীজৰ এখন সভাত তেওঁ যুদ্ধাস্ত্ৰৰ যোগানক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

তেওঁৰ ভাষাত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰই সময়মতে যোগান ধৰা হোৱা নাই। কিন্তু মনত ৰখা ভাল যে বায়ুসেনাৰ অংশগ্ৰহণ অবিহনে কোনো অভিযান সম্ভৱ নহ’ব।

যুদ্ধাস্ত্ৰ ক্ৰয়ক লৈ চলি থকা সমস্যাৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে অস্ত্ৰ অৰ্ডাৰ দিয়াৰ সময়ত যোগানৰ দিশটো অৱহেলা কৰা হৈছে। সময়মতে যোগান ধৰা সম্ভৱ হয় নে নহয় সেয়া বিশ্লেষণ কৰা হোৱা নাই। অৰ্ডাৰ দিয়াৰ পিছত দেখা যায় যে সময়মতে সেনাবাহিনীত ডেলিভাৰী দিব নোৱাৰে। তেওঁৰ প্ৰশ্ন যে কিয় এনে প্ৰতিশ্ৰুতি দিয়া হৈছে যিবোৰ পূৰণ কৰা সম্ভৱ নহয়!

অনুমান কৰা হৈছে যে বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে হিন্দুস্তান এৰ’নটিকেল লিমিটেডে (HAL) ৮৩খন লাইট কম্বেট এয়াৰক্ৰাফ্ট (Tejas Mk 1A) যোগান ধৰাৰ বিষয়টো বুজাব বিচাৰিছে। ইয়াৰ বাবে ২০২১ চনত বায়ুসেনাই এইচ এ এলৰ সৈতে চুক্তিবদ্ধ হৈছিল। বায়ুসেনাই চৰকাৰী কোম্পানীটোৰ পৰা কেইবাখনো প্ৰশিক্ষণ বিমানৰো অৰ্ডাৰ দিছে। ছেপ্টেম্বৰ মাহত HAL এ সেইবোৰ ডেলিভাৰী কৰাৰ কথা।

অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ এটা অংশৰ মতে, সেনাবাহিনীৰ এক গুৰুতৰ সমস্যাৰ ওপৰত আলোকপাত কৰিছে বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে। দীৰ্ঘদিন ধৰি সেনাবাহিনীয়ে এই সমস্যাত ভুগি আহিছে। ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে সময়মতে অস্ত্ৰ-শস্ত্ৰৰ যোগান অতি প্ৰয়োজনীয়। কাৰণ সেইবোৰ হাতলৈ আহিলে প্ৰশিক্ষণৰ বাবে উপযুক্ত প্ৰাৰ্থী বাছনি কৰিব লাগিব। শত্ৰুৰ কৌশল বিফল কৰিবলৈ দীঘলীয়া প্ৰশিক্ষণ অতি প্ৰয়োজনীয়। এদিনতে যুঁজাৰু পাইলট বনাব নোৱাৰি। প্ৰথম উপযুক্ত এয়াৰমেনক বহু পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে বাছনি কৰিব লাগে।

বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয়, “আমি কেৱল ভাৰতত আমাৰ অস্ত্ৰ নিৰ্মাণৰ কথা বিবেচনা কৰিলেই নহ’ব। আমি ইয়াৰ ডিজাইন আৰু বিকাশৰ লক্ষ্যও ল’ব লাগিব।” তেওঁ কয়, বায়ুসেনা থলুৱা অস্ত্ৰ ব্যৱহাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু এই ক্ষেত্ৰত অগ্ৰগতিৰ বাবে উদ্যোগৰ সৈতে সেনাবাহিনীৰ বুজাবুজি অধিক স্পষ্ট আৰু গভীৰ হোৱাটো প্ৰয়োজন।

Related News