NORTHEAST NOW (Assamese)

সোণৰ চোৰাং সৰবৰাহত জড়িত বিমান কেবিন ক্ৰু: প্ৰায় ১.৫ কিলোগ্ৰাম সোণসহ গ্ৰেপ্তাৰ

March 9, 2023 5:18 pm · এন ই নাও নিউজ, গুৱাহাটী

কোচি বিমানবন্দৰত সোণৰ চোৰাং সৰবৰাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এয়াৰ ইণ্ডিয়াৰ এগৰাকী কেবিন ক্ৰু। ধৃত কৰ্মচাৰী গৰাকীৰ পৰা শুল্ক বিভাগে জব্দ কৰিছে প্ৰায় ১.৫ কিলোগ্ৰাম সোণ।

বাহৰেইন-কোজিকোড-কোচি সেৱাৰ কেবিন ক্ৰু শ্বাফীয়ে সোণ লৈ অহাৰ গোপনীয় তথ্য লাভ কৰিছিল শুল্ক প্ৰতিৰোধমূলক আয়ুক্তই।

এই সোণখিনি হাতত মেৰিয়াই চাৰ্টৰ হাতৰ আস্তিনেৰে ঢাকি লুকুৱাই আনিছিল। অৱশ্যে শুল্ক বিভাগৰ পৰীক্ষণত সোণসহ ধৰা পৰে শ্বাফী। শ্বাফীৰ পৰা মুঠ ১৪৮৭ গ্ৰাম সোণ উদ্ধাৰ কৰা হৈছে বুলি শুল্ক বিভাগে সদৰী কৰিছে।

ঘটনা সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে ধৃত শ্বাফীক জেৰা চলাই থকা হৈছে বুলিও শুল্ক বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়ে।

ইফালে, বুধবাৰে চেন্নাই বিমানবন্দৰত ৬.৮ কিলোগ্ৰাম ওজনৰ সোণসহ গ্ৰেপ্তাৰ হৈছে দুগৰাকী যাত্ৰী। শুল্ক বিভাগে সদৰী কৰা অনুসৰি, ছিংগাপুৰৰ পৰা এআই-৩৪৭ আৰু ৬ই-৫২ বিমানেৰে চেন্নাইত উপস্থিত হৈছিল যাত্ৰী দুগৰাকী।

Related News