দিল্লীত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চাঁদৰ পৰা খহি পৰিল এটা অংশ; জৰুৰী অৱতৰণ

দিল্লীৰ বসন্ত বিহাৰত বিমানৰ চাঁদৰ পৰা কিছু অংশ আকাশৰ পৰা খহি পৰিল! এই খবৰ পোৱাৰ পাছতে এয়াৰ ইণ্ডিয়াৰ বিমানখনে দিল্লী বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে৷

খবৰ অনুসৰি বুধবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বাহৰেইনলৈ এখন বিমান উৰা মাৰিছিল। বিমানখন উৰাৰ ২২ মিনিট পাছত সংঘটিত হয় এই ঘটনা। ইয়াৰ পাছত এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে এই ধাতুৰ অংশটো তেওঁলোকৰ বাহৰেইন অভিমুখী বিমানখনৰ। ডিজিচিএই কেনেকৈ এই ঘটনা হ’ল তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

জানিব পৰা মতে, নিশা ৮:৪৮ বজাত বিমানখন দিল্লীৰ পৰা ৰাওনা হয়। অলপ পাছতে ইঞ্জিনৰ পৰা এটা অংশ ভাঙি যোৱাৰ খবৰ আহিল। ৯:১০ বজাত অৱতৰণ কৰে বিমানখনে। কোনো যাত্ৰীৰ ক্ষতি হোৱা নাই। কিন্তু আকাশৰ পৰা এটা ৰহস্যময় ধাতুৰ শীট বাগৰি পৰাত নতুন দিল্লীৰ বসন্ত বিহাৰত উত্তেজনাৰ সৃষ্টি হয়।

স্থানীয় লোকে লগে লগে দিল্লী আৰক্ষীক খবৰ দিয়ে। প্ৰথমতে তেওঁলোকে ভাবিছিল যে বিমানখনৰ কাৰিকৰী দোষৰ বাবেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে। একেই কথা আৰক্ষীক খবৰ দিয়া হৈছিল। এই খবৰ পোৱাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সন্দেহজনক ধাতুৰ কিছু অংশ উদ্ধাৰ কৰে যদিও প্ৰথম অৱস্থাত সেইবোৰ বিমানখনৰ অংশ বুলি নিশ্চিত হোৱা নাছিল।

ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে বিমানবন্দৰৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ ৰিপৰ্ট বিচাৰিছিল। ইয়াৰ পাছতে সেই ধাতুৰ টুকুৰাটোৰ ৰহস্য গম পোৱা যায়।