NORTHEAST NOW (Assamese)

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

May 13, 2025 9:51 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় সেনাবাহিনীৰ এক সংবাদমেলত এয়াৰ মাৰ্শ্বাল  কুমাৰ ভাৰতীয়ে ‘অপাৰেচন সিন্দূৰ’ সফলতাৰ বিষয়ে বৰ্ণনা কৰি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। এই ব্ৰিফিঙত তেওঁ কেৱল সামৰিক কাৰ্যকলাপৰ তথ্য প্ৰকাশ কৰাই নহয়, ৰামচৰিতমানসৰ উক্তি “ভয় বিনু হোই ন প্ৰীতি” উদ্ধতিৰে ভাৰতৰ দৃঢ় স্থিতিৰ বাৰ্তা প্ৰেৰণ কৰে। এই বাক্যৰ জৰিয়তে তেওঁ স্পষ্ট কৰে যে শান্তিৰ আহ্বান অগ্ৰাহ্য হ’লে শক্তিৰ প্ৰয়োগ অৱশ্যম্ভাৱী।

সংবাদমেলৰ সময়ত বিশাল পৰ্দাত প্ৰদৰ্শিত দৃশ্য-শ্ৰাব্য উপস্থাপনত হিন্দী কবি ৰামধাৰী সিং ‘দীনকৰ’ৰ কবিতা ‘ৰশ্মিৰথি’ৰ ছন্দত “প্ৰাৰ্থনা নহয়, এইবাৰ যুদ্ধ / জীৱন জয়, নহ’লে মৃত্যু” গীতৰ সুৰে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই উপস্থাপনে ভাৰতীয় সেনাৰ প্ৰস্তুতি আৰু সংকল্পক জোৰদাৰভাৱে প্ৰকাশ কৰিছে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এয়াৰ মাৰ্শ্বাল ভাৰতীয়ে ৰামচৰিতমানসৰ পংক্তি “বিনয় ন মানত জলধি জড় গয়ে তিন দিন বীতি / বলে ৰাম সকোপ তব ভয় বিনু হোই ন প্ৰীতি” উল্লেখ কৰি কয় যে যেতিয়া বিনয়ৰ পথ অকাৰ্যকৰ হয়, তেতিয়া শক্তিশালী পদক্ষেপৰ প্ৰয়োজন। তেওঁৰ এই বক্তব্যত স্পষ্ট হৈ পৰিছে যে পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ নীতি অব্যাহত থাকিব। তেওঁ শক্তিশালী কণ্ঠ আৰু নিৰ্ভীক ভঙ্গিমাৰে ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংসৰ বিশদ বিৱৰণ প্ৰদান কৰে। তথ্য আৰু ছবিৰ সহায়ত তেওঁ বুজাই দিয়ে যে ভাৰতীয় সেনাৰ উন্নত প্ৰযুক্তি আৰু কৌশলগত দক্ষতাৰ ফলত এই অভিযান সফল হৈছে।

এতিয়া এয়াৰ মাৰ্শ্বাল ভাৰতীৰ নেতৃত্বত ভাৰতীয় সেনাই কেৱল শক্তিৰে নহয়, সংস্কৃতি আৰু ঐতিহ্যৰ শক্তিৰে দেশবাসীৰ মন জয় কৰিছে। তেওঁৰ বক্তব্য আৰু উপস্থাপনে সামাজিক মাধ্যমতো ব্যাপক প্ৰশংসা লাভ কৰিছে, য’ত বহুতে তেওঁক ‘নায়ক’ হিচাপে অভিহিত কৰিছে। ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজত এই ঘটনাই ভাৰতীয় সেনাৰ প্ৰস্তুতি আৰু আত্মবিশ্বাসৰ এক স্পষ্ট চিত্ৰ প্ৰকাশ কৰে, যিয়ে দেশৰ সুৰক্ষাৰ প্ৰতি জনসাধাৰণৰ ভৰসা আৰু অধিক দৃঢ় কৰি তুলিছে।

Related News