NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ সুৰক্ষাত প্লাষ্টিক! ভাইৰেল ||Video

February 22, 2020 8:19 pm · এন ই নাও নিউজ
সৌজন্য-- টুইটাৰ।

চীনৰ লগতে বিশ্বজুৰি ত্ৰাসসৃষ্টিকাৰী ক’ৰ’না ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ দুজন বিমানযাত্ৰীয়ে প্লাষ্টিকেৰে সম্পূৰ্ণ দেহ মেৰিয়াই লোৱাৰ এক ভিডিঅ’ ভাইৰেল হৈছে।

বহুলোকে ভাইৰাছবিধৰ পৰা বাচিবলৈ মুখা পৰিধান কৰাৰ বিপৰীতে ভিডিঅ’টোত দেখা লোক দুজনে সম্পূৰ্ণ দেহটোৱে আবৃত কৰি ৰাখিছে।

আলিছা নামৰ এগৰাকী টুইটাৰ ইউজাৰে শ্বেয়াৰ কৰা ভিডিঅ’টোত অদ্যপি বহুলাখলোকে দৰ্শন কৰিছে।

যোৱা ডিচেম্বৰৰ পৰা ভাইৰাছবিধৰ আক্ৰমণত এতিয়ালৈকে ২৩০০ শতকৈয়ো অধিক লোক মৃত্যুমুখত পৰিছে।

অষ্ট্ৰেলিয়ামুখী এখন বিমানত ভিডিঅ’টো কৰা হৈছিল।

Related News