NORTHEAST NOW (Assamese)

আহি আছে এয়াৰ টেক্সি : ট্ৰেফিক জামৰ বাবে আৰু ভুগিব নালাগে নৰক যন্ত্ৰণা

November 10, 2023 5:07 pm · এন ই নাও নিউজ, নতুন দিল্লী

ট্ৰেফিক যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিবলৈ ২০২৬ চনত ভাৰতত মুকলি কৰা হ’ব এয়াৰ টেক্সি।

২০২৬ চনৰ ভিতৰত দেশত মুকলি হ’বলৈ গৈ আছে ইলেক্ট্ৰিক এয়াৰ টেক্সি । বৃহস্পতিবাৰে ইন্টাৰগ্ল’ব এণ্টাৰপ্ৰাইজে ভাৰতলৈ এয়াৰ টেক্সি আনিব বুলি ঘোষণা কৰে। এই এয়াৰ টেক্সিখন ইন্টাৰগ্ল’ব আৰু আমেৰিকান কোম্পানী আৰ্চাৰ এভিয়েশনৰ যৌথ পদক্ষেপত অনা হ’ব।

ইন্টাৰগ্ল’ব আৰু আৰ্চাৰ এভিয়েশনৰ মতে, বিশ্বৰ জনবহুল দেশসমূহত যান-জঁট সমস্যা এটা ডাঙৰ সমস্যা। জনসংখ্যা আৰু বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পথসমূহত যান-জঁটো বৃদ্ধি পাইছে। তেনে ক্ষেত্ৰত এয়াৰ টেক্সিয়ে সমাধান দিব। 

আমেৰিকাৰ আৰ্চাৰ এভিয়েশনে বৈদ্যুতিক প্ৰযুক্তিৰে উলম্ব উৰণ আৰু অৱতৰণৰ বাবে এই বিমান নিৰ্মাণ কৰিছিল। ইয়াক বিমান পৰিবহণৰ ভৱিষ্যত বুলি কোৱা হয়। 

উল্লেখ্যয যে, ই-এয়াৰক্ৰাফ্ট বা এয়াৰ টেক্সিক ‘মিডনাইট’ বুলি কোৱা হয়। এই টেক্সিখনত পাইলট অবিহনে সৰ্বাধিক চাৰিজন যাত্ৰী কঢ়িয়াব পাৰিব। বৰ্তমান এই এয়াৰ টেক্সি সৰ্বাধিক ১০০ মাইল বা ১৬১ কিলোমিটাৰ পৰ্যন্ত যাব পাৰে।

জানিব পৰা মতে, দিল্লীত প্ৰাৰম্ভিক পৰ্যায়ত মুকলি কৰা হ’ব এয়াৰ টেক্সি। ২০০খন বিমানেৰে এই সেৱা আৰম্ভ কৰা হ’ব। পৰৱৰ্তী পৰ্যায়ত বেংগালুৰু আৰু  মুম্বাইতো আৰম্ভ হ’ব এয়াৰ টেক্সি সেৱা।

এয়াৰ টেক্সিয়ে দূৰত্ব অতিক্ৰম কৰিবলৈ মাত্ৰ ৭ মিনিট সময় লাগে যিটো গাড়ীৰে কমেও ৬০ৰ পৰা ৯০ মিনিট সময় লাগে।

Related News