কালি জোনাইত বিজেপি দলৰ এক ৰাজনৈতিক সভাত নিজকে মুখ্যমন্ত্ৰীৰ বাহুদি কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই মিচিং জনগোষ্ঠীৰ জাতীয় যি আৱেগ সেই আৱেগক ৰাজনৈতিকভাবে দলীয় স্বাৰ্থত মিচিং অট’নমাচ কাউন্সিলৰ ১০খন অধ্যুষিত অঞ্চল আৰু ১০খন জিলাত আলি আময়ে লৃগাংত বন্ধ থাকিব বুলি ঘোষণা কৰা কাৰ্যক ৰাইজৰ দল জাতীয় যুৱ বাহিনীয়ে তীব্র ভাষাৰে গৰিহণা দিয়ে৷
আলিয়ে-পদুলিয়ে গাড়ীত দুই এজন নেতাক কাষত বহুৱাই মিচিং জাতিৰ সিদ্ধান্ত ল’বলৈ পীযুষ হাজৰিকা কোন? যুগ যুগ ধৰি অসমৰ ভূমিপুত্ৰ তথা দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং ৰাইজে প্রাণৰ তথা জাতীয় কৃষিভিত্তিক উৎসৱ আলি-আ:য়ে- লৃগাং ফাগুনৰ প্রথমটো বুধবাৰত পালন কৰি আহিছে। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীটোৰ এই পৱিত্ৰ উৎসৱ আলি-আঃ:য়ে-লৃগাংৰ দিনটোত বাৰে বাৰে দাবী জনাই অহা স্বত্বেও চৰকাৰে বন্ধ ঘোষণা নকৰি বিজেপি চৰকাৰখনে অসমৰ ভূমিপুত্ৰ সকলক অৱমাননা কৰি আহিছে। যোৱা ৪ নৱেম্বৰ ২০২৩ তাৰিখে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েঙে এখনি সংবাদমেলৰ জৰিয়তে ক্ষোভ প্রকাশ কৰি কৈছিল যে, “ যি সময়ত বিজেপি চৰকাৰখনে জাতি, মাটি;ভেটি ৰক্ষা কৰাৰ শ্ল’গান দি চৰকাৰ গঠন কৰিছিল তেনে ‘সময়ত অসমৰ মিচিং ৰাইজক আজিও প্রতাৰণা কৰি আহিছে। মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল ফাণ্ডনৰ প্রথমটো বুধবাৰ অৰ্থাৎ আলি-আ:য়ে-লৃগাঙৰ দিনা সমগ্ৰ অসমত চৰকাৰী বন্ধ পালন কৰা হওঁক। বিভিন্ন সময়ত চৰকাৰী পক্ষৰ বিভিন্ন নেতা, মন্ত্ৰীয়ে বিভিন্ন ৰাজহুৱা সভাত মিচিং ৰাইজৰ আৱেগ অনুভূতি আদায় কৰিবলৈ প্রতিশ্ৰুতি প্ৰদান কৰা সততে দেখা পোৱা যায় যে আলি-আ:য়ে-লৃগাংত চৰকাৰী বন্ধ ঘোষণা কৰা হ’ব। কিন্তু অসম চৰকাৰে প্রকাশ কৰা এই বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাটো মিচিং ৰাইজৰ হেঁপাহৰ আলি-আ:য়ে-লৃগাং বাদ পৰিল।
আজি পুনৰ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েঙে এখন সংবাদমেল সম্বোধন কৰি কয় যে, “মাত্ৰ ১০ খন জিলাত আলি আই লৃগাং ! কোনোবা হয় হজুৰ মিছিং প্রতিনিধিৰ হজম হলেও, এটা খিলঞ্জীয়া জনগোষ্ঠীক নিচুকনি বঁটা দিয়াটো আমি মানি ল’ব নোৱাৰোঁ। ললিপপ প্রদান কৰিছে বিজেপি চৰকাৰে। এইয়া ঘোৰ অপমান। কেলেণ্ডাৰত ঠাই নিদি বাটে পথে আংশিক বন্ধ ঘোষণা কৰাটো কিমান যুক্তি সংগত? এয়া মিচিং ভাই-ভনীহতৰ প্রতি সন্মান নহয় বৰঞ্চ মিচিং জাতিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ নিকৃষ্ট চক্ৰান্ত আৰু মিচিং জাতিৰ প্রতি ভোট বেংকৰ কাৰণেই চৰকাৰখনৰ এই দৰদ তাকেই পুনৰ প্রমাণ কৰিলে।